বেয়া নাপাব, আমি সেই ফটোখন দেখুৱাব নোৱাৰোঁ,
কিন্তু অসমৰ সাম্প্ৰতিক পৰিস্থিতি কেনে সেয়া বুজিবলৈ এখন ফটোৱেই যথেষ্ট৷ কিন্তু মিঞা বিৰোধিতাত উন্মাদ হৈ পৰা লোকসকলে নিজকে সোধকচোন- আমি সঁচাকৈ অমানুহ হৈ গ’লো নেকি?
কিন্তু অসমত এতিয়াই প্ৰথম উচ্ছেদ হোৱা নাই৷ বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালৰ পৰাই অসমত উচ্ছেদ চলিয়েই আছে৷ কিন্তু তেতিয়া পৰিস্থিতি ইমান শোচনীয় হোৱা নাছিল৷
বেদখলকাৰী নহয়, শৰণাৰ্থীৰ প্ৰতিও কোমল আছিল তাহানিৰ নেতা৷ ১৯৬৬ চনৰ কথাকে শুনক। তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই সীমান্ত পৰিদৰ্শন কৰিবলৈ গৈ দেখিলে ধুবুৰীৰ ছত্ৰশালৰ ওচৰত আৰক্ষীয়ে দেশৰ পৰা বহিষ্কাৰৰ বাবে শতাধিক লোকক বহুৱাই থৈছে৷
কিন্তু তিনি-চাৰিদিন বন্দী হৈ থকা লোকসকলে একো খাবলৈ পোৱা নাই। কান্দি কান্দি ভোকত ভাগৰি পৰিছিল শিশু৷ তেতিয়া ধুবুৰীৰ এছ পি হিৰণ্য ভট্টাচাৰ্যক চলিহাই সুধিলে- তেওঁলোকৰ বাবে আহাৰৰ ব্যৱস্থা কিয় নাই?
এছ পিয়ে কৈ দিলে- পইচা নাই৷
লগে লগে কিন্তু গৰজি উঠিল মুখ্যমন্ত্ৰী চলিহা৷ তেওঁ ক’লে- এইসকল অনুপ্ৰৱেশকাৰী হ’ব পাৰে৷ কিন্তু ইহঁতো মানুহ৷ যাওক আপুনি আহাৰৰ ব্যৱস্থা কৰক। পইচা মই দিম৷
তাৰ পিছত সকলোকে খাদ্য পৰিৱেশন কৰা হ’ল৷ ছত্ৰশালৰ গান্ধীবাদী নেতা দ্বিজেন্দ্ৰ চক্ৰৱৰ্তীৰ ঘৰত বহি পৰিস্থিতি নিজেই তদাৰক কৰিলে চলিহাই।
কিন্তু এতিয়া সেইদিন নাই৷ ভাবকচোন, আমি বাৰু অমানুহ হৈ গ’লো নেকি?