এতিয়াই সন্তান লাগে জাহিৰক

সংসাৰত আউল লাগিছে সোণাক্ষী সিনহাৰ৷ পৰিয়ালৰ বাধা নেওচি মুছলমান প্ৰেমিকৰ সৈতে বিবাহৰ পৰিণাম ভুঞ্জিছে সুন্দৰী অভিনেত্ৰীগৰাকীয়ে৷ জাহিৰ ইকবালৰ সৈতে বিবাহৰ পিছত সোণাক্ষীৰ অভেনয় কেৰিয়াৰতো বাধা জন্মিছে৷ পূৰ্বৰ দৰে পোছাক পিন্ধিবলৈয়ো স্বামীৰ পৰিয়ালে অনুমতি দিয়া নাই সোণাক্ষীক৷
তেওঁ নীৰৱতা অৱলম্বন কৰিছে যদিও বলীউডী সাংবাদিকে প্ৰকাশ কৰিছে পাৰিবাৰিক অশান্তিৰ কথা৷ কেবাখনো পত্ৰিকাৰ খবৰ অনুসৰি নাতিৰ মুখ চাবলৈ ইচ্ছা কৰিছে জাহিৰ ইকবালৰ পিতৃয়ে৷ কিন্তু কেৰিয়াৰৰ স্বাৰ্থত এতিয়াই সন্তানৰ কথা ভবা নাই সোণাক্ষীয়ে৷ পিছে শহুৰেকে এতিয়াই বিচাৰিছে নাতি৷
মূলতঃ এই বিষয়টোক লৈয়েই পাৰিবাৰিক অশান্তি আৰম্ভ হৈছে৷ বলীউডী পত্ৰিকাৰ খবৰ অনুসৰি বিবাদত পিতৃৰ পক্ষ লৈছে জাহিৰ ইকবালে৷ গতিকে কিছুদিন ঘৰতে সোমাই আছে সোণাক্ষী৷
শেহতীয়াকৈ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল যদিও সোণাক্ষীৰ মন নাছিল প্ৰফুল্লিত৷ সাংসাৰিক হতাশাৰ বাবেই যে তেওঁ দুঃচিন্তাত ভুগিছে সেয়াও প্ৰতিফলিত হৈছিল তেওঁৰ আচৰণত৷ বিবাহৰ মাত্ৰ কিছুদিনৰ পিছতে সোণক্ষীৰ সংসাৰত আউল লগাৰ বাবে হতাশ হৈ পৰিছে পিতৃ শত্ৰুঘ্ন সিনহাও৷
বিগত সময়ত তেওঁ মুছলমান পৰিয়ালৰ সৈতে সম্পৰ্ক গঢ়িবলৈ মুঠেও আগ্ৰহী নাছিল৷ আনকি সোণাক্ষীৰ বিবাহতো প্ৰথমে উপস্থিত নাছিল সিনহা৷ কিন্তু আত্মীয়ৰ কাকূতিৰ পিছত নৰম হ’ল সোণাক্ষীৰ পিতৃ৷ তথাপি সন্তুষ্ট নাছিল শত্ৰুঘ্ন সিনহা৷
এতিয়া জীয়ৰীৰ দুৰ্ভোগৰ ঘটনাই তেওঁক কৰি তুলিছে হতাশ৷ কিন্তু সোণাক্ষীয়ে বৰ্তমান গোপন কৰিবলৈ চেষ্টা কৰিছে পৰিয়ালৰ বিবাদৰ বতৰা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email