কোনে লুকুৱাইছিল কলংকৰ দাগ

নিৰ্বাচনলৈ তেতিয়া বেছিদিন নাছিল৷ কিন্তু কোনোমতে খবৰটো তল পেলাই ৰাখিছিল প্ৰাণজিৎ চৌধুৰীয়ে৷ পিছে নোৱাৰিলে৷ তেতিয়াৰ প্ৰভাৱশালী কংগ্ৰেছী ছাত্ৰনেতা প্ৰাণজিৎ চৌধুৰীৰ বিৰুদ্ধে প্ৰেমচৰ ছলনাৰে যৌন নিগ্ৰহৰ কথা ৰৌজাল-বৌজাল হ’ল৷
২০১৬ চনত প্ৰাণজিৎ চৌধুৰী আছিল কমলপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী৷ তাৰ কিছুদিন আগতেহে NSUIৰ ৰাজ্যিক সভাপতি পদৰ পৰা কংগ্ৰেছত সোমাই দলৰ প্ৰাৰ্থী হৈছিল প্ৰাণজিৎ৷ কিন্ত যৌন কেলেংকাৰিৰ কথাই প্ৰাণজিতৰ নাম-গোন্ধ নাইকিয়া কৰি দিলে৷
একেদৰে NSUIৰ আন এজন সভাপতি জয়প্ৰকাশ দাসৰ বিৰুদ্ধেও ওলাইছিল যৌন কেলেংকাৰিৰ খবৰ৷ মুঠতে ছাত্ৰনেতাৰ যৌন কেলেংকাৰি মানেই পতনৰ ইংগিত৷
এতিয়া কিন্তু প্ৰাণজিৎহঁতৰ শাৰীতে নাম অন্তৰ্ভুক্ত হ’ল শংকৰজ্যোতি বৰুৱাৰ৷ আছুৰ সাধাৰণ সম্পাদকো কলংক অবিহনে সংগঠনৰ পৰা ওলাব নোৱাৰিলে৷ পিঠিত নাৰী কেলেংকাৰিৰ বোজা কঢ়িয়াই তেওঁ শ্বহীদ ন্যাস ভৱনৰ পৰা ওলাবলগীয়া হ’ল৷
অৱশ্যে আগতীয়াকৈ কলংকিত হ’লেও শংকৰজ্যোতিয়েই আছুৰ প্ৰথম অভিযুক্ত নেতা নহয়৷ বৰ্তমান ৰাজনীতিৰ সৈতে জড়িত একালৰ ছাত্ৰনেতাৰ বিৰুদ্ধেও ভিতৰুৱাকৈ আছে কলংকৰ অভিযোগ৷
সেয়ে তেওঁ বিৰুদ্ধে মাজে-সময়ে তৰ্জন গৰ্জন কৰি থাকে দুলু আহমেদে৷ কিন্তু নিমখ খাই থোৱাৰ বাবে দুলুৰ বিৰুদ্ধেও একো ক’ব নোৱাৰে সেইজন প্ৰাক্তন ছাত্ৰনেতাই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email