গৌৰৱ গগৈক শত্ৰুজ্ঞান কৰিবলৈ লৈছে ভূপেন বৰাই৷ অসমত কংগ্ৰেছে নৱজীৱন পোৱাৰ সময়ত দুয়োজন নেতাৰ মাজ দূৰত্ব বৃদ্ধি পাইছে৷ নিৰ্বাচনৰ পিছত কংগ্ৰেছ সামান্য উত্থান ঘটিছিলহে, কিন্তু আউল লাগিলেই৷
শেহতীয়াকৈ গৌৰৱ গগৈ ফেন ক্লাব নামৰ এটা গোটে ভূপেন বৰাৰ বিৰুদ্ধে ফে’চবুকত প্ৰচাৰ চলাইছিল৷ ভূপেন বৰাক কংগ্ৰেছৰ সভাপতি পদৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলিও ফেন ক্লাবৰ সদস্যই প্ৰচাৰ কৰিছিল৷ আনকি ভূপেন বৰাক কংগ্ৰেছৰ পৰাও নিলম্বনপৰ্যন্ত কথা লিখা হৈছিল ফে’চবুক প’ষ্টত৷
কথাখিনিৰ কিন্তু মিল আছিল ভূপেন বৰাৰ বিৰুদ্ধে একাংশ কংগ্ৰেছী বিধায়কে চলোৱা প্ৰচাৰৰ সৈতে৷ ২৫ কংগ্ৰেছ বিধায়কে ভূপেনৰ অপসাৰণৰ দাবীত হাইকমাণ্ডলৈ চিঠি লিখাৰ সৈতে ফে’চবুক প’ষ্টৰ সাদৃশ্য আছিল৷
কিন্তু ঘটনাৱলীৰ সৈতে গৌৰৱৰ সম্পৰ্ক নাই বুলি দাবী কৰিছে সাংসদজনৰ ঘনিষ্ঠসকলে৷ সেই গোটটো আচল গৌৰৱ গগৈ ফেন ক্লাব নহয় বুলি দাবী কৰি থানাতো এজাহাৰ দাখিল কৰা হৈছে৷
কিন্তু ঘটনাৱলীয়ে প্ৰকাশ কৰিছে কংগ্ৰেছৰ ভিতৰুৱা কন্দল৷ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি গৌৰৱক জগৰীয়া কৰিবলৈ সভাপতিপন্থী প্ৰভাৱশালী মহলে এই কাণ্ড কৰিছে৷ যাৰ বাবে বাঢ়িছে দুয়োৰে দূৰত্ব৷
সমস্ত ঘটনাৱলীৰ আঁৰত কোন আছে সেয়া গৌৰৱেও গম পাইছে৷ সেয়ে তেওঁ কোৱা নাই কথা৷ কিন্তু ভূপেন বৰাক যে তেওঁ বেয়া পাইছে সেয়াও খাটাং৷
গৌৰৱৰ উত্থানত শংকিত ভূপেন বৰাই এই ঘটনাক লৈ হাইকমাণ্ডক অভিযোগ দিবলৈয়ো চক্ৰান্ত কৰিছিল৷ কিন্তু গৌৰৱৰ মৌনতাই তেওঁক কৰি তুলিছে শংকিত৷