কেৰিবেগে একো ক্ষতি নকৰে!

এতিয়াৰ পৰা নজহা-নপমা প্লাষ্টিকে পৰিৱেশৰ ক্ষতি কৰিব নোৱাৰে৷ কাৰণ সমুদ্ৰগৰ্ভত বিজ্ঞানীয়ে সন্ধান লাভ কৰিছে প্লাষ্টিন ভক্ষণ কৰা বেক্টেৰিয়াৰ৷ জাৰ্মানীৰ গৱেষকে অশেষ চেষ্টাৰ পিছত সাগৰতলীত ১৮ প্ৰকাৰৰ বিশেষ অনুজীৱ আৱিষ্কাৰ কৰিছে৷
এইসকলৰ ভিতৰৰ ৪টা সঁচ অত্যন্ত ভোকাতুৰ বুলি নিৰ্ধাৰণ কৰিছে বিজ্ঞানীয়ে৷ গৱেষণাগাৰৰ পৰীক্ষণত লাভ কৰা তথ্য অনুসৰি ক্ষুধাতুৰ ৪ বিধ অনুজীৱৰ প্ৰিয় খাদ্য হৈছে প্লাষ্টিক৷ প্ৰদূষণ ৰোধৰ বাবে অত্যন্ত উপযোগী বেক্টেৰিয়া প্ৰজাতিৰ বিষয়ে জাৰ্মানীৰ বাৰ্লিন বিশ্ববিদ্যালয়ৰ গৱেষকে গৱেষণা বাহাল ৰাখিছে৷
প্ৰাথমিকভাৱে আৱিষ্কৃত তথ্যমৰ্মে ইমান দিনে লুকাই থকা অনুজীৱ প্ৰজাতিয়ে মাইক্ৰ’ প্লাষ্টিকৰ আৱৰ্জনাও সহজে গ্ৰাস কৰে৷ বিশ্বৰ অজস্ৰ-অগণিত বেক্টেৰিয়াৰ কোনো প্ৰজাতিয়ে প্লাষ্টিক হজম কৰিব নোৱাৰে বুলিয়েই পূৰ্বে ধাৰণা কৰা হৈছিল৷ কিন্তু শেহতীয়া গৱেষণাৰ ফলাফল অনুসৰি প্লাষ্টিকৰ আৱৰ্জনা গ্ৰাস কৰিব পৰা অনুজীৱবিধৰ উৎপত্তিস্থল সমুদ্ৰগৰ্ভ বুলিয়েই থাৱৰ কৰা হৈছে৷
এই বেক্টেৰিয়াৰ প্ৰজাতিয়ে সহজেই প্লাষ্টিকক আক্ৰান্ত কৰে৷ কিন্তু এতিয়াও প্ৰজাতিটোৰ কাৰ্যকৰী গুণাগুণ পৰীক্ষণ অব্যাহত আছে৷ যদি নব্য আৱিষ্কৃত বেক্টেৰিয়া কাৰ্যকৰী হিচাপে প্ৰমাণিত হয় তেন্তে পৰিষ্কাৰ হৈ পৰিব পাৰে বিশ্ব৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email