ৰোলাৰ-গাড়ী বেচি দিলে কোনে?

নৰকৰ সকলো সুবিধা ইয়াতে দিবলৈ চেষ্টা কৰিছে ঠিকাদাৰে,
দেশৰ সকলো ঠাইতে ফ’ৰলেন হ’ল৷ অসমৰ বাহিৰত ৬ লেনযুক্ত পথো হৈ গ’ল৷ কিন্তু উজনিৰ ৰাইজে আশা পালি থাকোতেই গ’ল৷ ফ’ৰলেন সম্পূৰ্ণ নহ’ল৷
শিৱসাগৰৰ পৰা যদি যোৰহাটলৈ এতিয়া যাত্ৰা কৰিলে নৰকৰ অভিজ্ঞতা সকলোৱে পাই যাব৷ দৈনিক সেই পথটোত অহা-যোৱা কৰিবলগা যাত্ৰীসকল কঁকালৰ পৰা আদি কৰি দেহৰ প্ৰতিটো অংগৰে যে বিষত আক্ৰান্ত হৈছে সেয়া খাটাং৷
দুৰৱস্থাৰ মাজতে শিৱসাগৰত ঘটিছে ৰহস্যজনক ঘটনা৷ হঠাতে শিৱসাগৰৰ বেতবাৰীৰ ঠিকাদাৰী প্ৰতিষ্ঠানে স্থান এৰি পলায়ন কৰিছে৷
প্ৰাপ্ত তথ্য অনুসৰি বেতবাৰীৰ ঘিলাগুৰিৰ ফ’ৰলেন নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল বৰ্হিৰাজ্যৰ ঠিকাদাৰী সংস্থা৷ কিন্তু পথ নিৰ্মাণৰ বাবে ব্যৱহৃত সকলো সামগ্ৰী এৰি বেতবাৰীৰ পৰা পলায়ন কৰিলে ঠিকাদাৰী সংস্থাৰ বিষয়াই৷
আনকি ৰোলাৰ আৰু আন সামগ্ৰীসমূহো লৈ নগ’ল প্ৰতিষ্ঠানটোৱে৷ কিন্তু তেওঁলোকৰ অজ্ঞাতে সকলো সামগ্ৰী বিক্ৰী কৰা হ’ল৷
আমি লাভ কৰা খবৰ অনুসৰি নিশাৰ ভিতৰতে কেজি হিচাপত প্ৰতিষ্ঠানটোৰ সামগ্ৰীবোৰ আন কোনোবা বেচি দিলে৷ ডাঙৰ ডাঙৰ কেবাখনো গাড়ীও নোহোৱা হ’ল৷
অপকৰ্ম কোনে কৰিলে সেয়া স্থানীয় ৰাইজে জানে৷ কিন্তু ক’বলৈ ভয় কৰিছে৷ প্ৰাণৰ ভয়ত তেওঁলোকে মুখত টেপ লগাইছে৷
কিন্তু সত্য কথাটো হৈছে- খিলঞ্জীয়াৰ গৰ্জন কঁপোৱা শিৱসাগৰৰ এই ঘটনাৰ সৈতে জড়িত আছে এচাম অসমীয়াই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email