লোকেশ্যন ওলাইছিল চেৰাপুঞ্জীত, মানুহ ওলাল টীয়কত৷ খবৰ ওলাইছিল নেপাললৈ পলোৱাৰ, কিন্তু মানুহে টীয়কৰ পৰাই মাত দিলে৷
কান্দি-কাটি ক’লে- মই পলোৱা নাই, লুকা-ভাকুহে খেলিছোঁ!
অৱশ্যে হ’বও পাৰে৷ কাৰণ বাণীপুৰৰ চুবুৰীয়াৰ মতেও শৈশৱতে লুকা-ভাকু খেলি বৰ ভাল পাইছিল চুমিয়ে৷ সমনীয়াৰ সৈতে প্ৰায়ে চুমিয়ে খেলিছিল প্ৰিয় খেলা৷
সেয়ে বৰষুণ দি থকা চেৰাপুঞ্জীৰ সলনি ৰ’দঘাই টীয়কতে লুকা-ভাকু খেলিলে চুমিয়ে৷ অতীতৰ প্ৰিয় খেলা আকৌ খেলিবলৈ মন গৈছিল তেওঁৰ৷ সেয়ে জিপি সিঙৰ অসম পুলিচৰ সৈতে চুমিয়ে খেলিলে লুকা-ভাকু৷
কিন্তু আগৰ দৰেই এইবাৰো খেলত জিকিল চুমি৷ লুকাই থাকি আমনি লগা বাবেহে তেওঁ গাঁতৰ পৰা ওলাই আহিল৷ এইবাৰ অৱশ্যে শৈশৱৰ দৰে মুখত বিজয়ীৰ হাঁহি লৈ ওলাই নাহিল চুমি৷
প্ৰথমে হাঁঙিবলৈ চেষ্টা কৰিছিল যদিও পিছলৈ কান্দিয়েই দিলে চুমিয়ে৷
কিন্তু যি কি নহওক, চুমিৰ জহতে চেৰাপুঞ্জীৰ সলনি এতিয়াৰ পৰা টীয়ক হ’ল নতুন পৰ্যটনস্থলী৷ চুমিয়ে টীয়কক দিলে নতুন পৰিচয়৷