শেষত ভাগৰ লাগিল ভিক্টৰ দাসৰ৷ মই ভাগৰা নাই বুলি চিঞৰি শেষত ভাগৰি পৰিল ভিক্টৰ৷ পথত গাড়ী ভাঙি কেঁচা মাছ চোবোৱা ভিক্টৰে আত্মগোপন কৰিলে৷ আকণ্ঠ সুৰাপান কৰি নিশা ফে’চবুক লাইভ কৰা ভিক্টৰে খুৰাই পেলালে দাড়িকোছা৷ কোনেও চিনি নোপোৱা চেহেৰাৰে ভিক্টৰ অসমৰ বাহিৰতহে লুকাই আছে৷
ফে’চবুকত অভব্য ভাষাৰে সমালোচকক গালি পৰা ভিক্টৰ দাস বহুতৰে বাবে ছাৰ, কোনোবাৰ মতে ভিক্টৰ উন্মাদ৷ সমালোচনা কৰাসকলৰ ফটো উলিয়াই মোবাইলতে থুৱাই দিয়ে ভিক্টৰে৷
কিন্তু এতিয়া ভিক্টৰৰ আগৰ দম নাই৷ ভিক্টৰৰ গৰম তেজ হঠাতে চেঁচা পৰি গ’ল৷ পৈতৃক সম্পত্তি বিক্ৰী কৰিবলৈয়ো ফে’চবুকত এডভাৰ্টাইজ দিলে ভিক্টৰে৷
আগতে সদম্ভে সকলোৰে ওচৰ মদ্যপানৰ ঘোষণা কৰি ফে’চবুক লাইভ কৰা ভিক্টৰক নেদেখা হ’ল ৰাইজে৷ ছাত্ৰ-ছাত্ৰীক ADRE পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উপদেশ দি থাকিলেও ভিক্টৰ সম্প্ৰতি ঘৰত নাই৷
আনহাতে পিতৃৰ মৃত্যুৰ বাবে ভিক্টৰে কিছুদিন আগলৈ দোষাৰোপ কৰি আছিল এদল লোকক৷ কিন্তু প্ৰত্যক্ষদৰ্শীৰ মতে একমাত্ৰ ভিক্টৰৰ শাৰিৰীক-মানসিক অত্যাচাৰৰ বাবেই জীৱনৰ প্ৰতি মায়া হেৰুৱাই পেলাইছিল পিতৃয়ে৷ গতিকে ভিক্টৰে ভুগিবই লাগিব কৃতকৰ্মৰ ফল৷
কিন্তু সেইবোৰ কথা বহুদিন ভিক্টৰে কোৱা নাই৷ কিমান মদ খাইছে সেয়াও ভিক্টৰে ব্যাখ্যা কৰা নাই৷ ধনৰ অভাৱৰ বাবে খুজিছে সাহায্য৷ বাল থাকৰেৰ শিৱসেনাৰ দৰেই ভিক্টৰ সেনা গঠন কৰা ভিক্টৰৰ হঠাতে ভাগৰ লাগিছে৷ কিন্ত কিয় কোনেও নাজানে৷
কি হৈছিল ভিক্টৰৰ পিতৃৰ?
