মহন্তৰ দৰেই আচৰণ ফণীভূষণৰ

প্ৰফুল্ল মহন্তক তেতিয়া বেয়া পাইছিল ফণীভূষণ চৌধুৰীয়ে৷ জয়শ্ৰী গোস্বামী মহন্তৰ বাবেই প্ৰফুল্ল মহন্তৰ সৈতে সংঘাত হৈছিল ফণীভূষণৰ৷ একেটা দলত থকাৰ পিছতো মহন্তৰ সৈতে চৌধুৰীৰ মাত-বোলপৰ্যন্ত নোহোৱা হৈ গৈছিল৷ কাৰণ দলীয় সতীৰ্থৰ মতক অৱজ্ঞা কৰি পত্নীক ৰাজ্যসভাৰ টিকট দিছিল মহন্তই৷ কেবিনেটৰ সিদ্ধান্ততো হস্তক্ষেপ কৰিছিল মহন্তৰ চেলিব্ৰিটী পন্তী জয়শ্ৰী গোস্বামী মহন্তই৷
কিন্তু তাহানি প্ৰফুল্ল মহন্তৰ দৰেই কাম কৰিবলৈ ওলাইছে ফণীভূষণ চৌধুৰী৷ দিল্লীযাত্ৰাৰ পিছত খালী হোৱা বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা পত্নীক বিধায়িকা পাতিবলৈ সৰ্বশক্তি তেওঁ প্ৰয়োগ কৰিছে৷
আনকি উপ-নিৰ্বাচনৰ টিকট পত্নী দীপ্তিময়ী চৌধুৰীক দিবলৈ দলত লবীৰ সৃষ্টি কৰিছে ফণীভূষণে৷ প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ সমষ্টিটোৰ টিকট বিচাৰিছিল জিল কমিটীৰ সাধাৰণ সম্পাদক আৰু উপ-পৌৰপতি শৈলেন সৰকাৰে৷
কিন্তু তেওঁক বহুৱাবলৈ অশেষ চেষ্টা কৰিছে ফণীভূষণে৷ সম্প্ৰতি জিলা কমিটীৰ সকলো আঞ্চলিকক পত্নী দীপ্তিময়ীৰ প্ৰতি সমৰ্থন জনাবলৈ বাধ্য কৰাইছে ফণীভূষণে৷ সমষ্টিটোৰ দলীয় পৰ্যৱেক্ষক ভূপেন ৰয়ৰ ওছৰত দেখুৱাইছে শক্তি৷
গতিকে শৈলেন সৰকাৰে টিকট পোৱাৰ সম্ভাৱনা নাই৷ কিন্তু আগতেও তেওঁৰ বিৰোধিতা কৰাৰ বাবে ফণীভূষণে দলৰ পৰা বহিষ্কাৰ কৰিছিল প্ৰভাত বৈষ্ণৱ নামৰ নেতাজনক৷ গতিকে এইবাৰো শৈলেন সৰকাৰৰ বিৰুদ্ধে উঠি-পৰি লাগিছে ফণীভূষণ৷
তাহানি মহন্তৰ দৰেই একছত্ৰী হৈ পৰিছে ফণীভূষণ৷ একেই পথেৰে আগবাঢ়িছে কান্দুৰা ফণীভূষণ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email