লাভ হ’বনে ৰিপুণ বৰাৰ?

২০ লাখ টকা ঘোচ দিবলৈ গৈছিল৷ ডেনিয়েল তপ্ন’ হত্যা গোচৰৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ গৈছিল CBIক ঘোচ দিবলৈ৷ কিন্তু সেই সময়তে ধৰা পৰিছিল তেওঁ৷ টকাৰ বেগ হাতত লৈয়েই দৌৰিছিল, কিন্তু পিছে পিছে খেদি CBIয়ে কলাৰত খামুচি ধৰিছিল তেওঁক৷
ৰিপুণ বৰাৰ গ্ৰেপ্তাৰৰ বিষয়ে এনেদৰেই সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল৷ তেতিয়া ৰিপুণ বৰা আছিল অসমৰ শিক্ষামন্ত্ৰী৷ তৰুণ গগৈৰ বিশ্বস্ত মন্ত্ৰী হিচাপেই ৰাজ্যত পৰিচিত আছিল ৰিপুণ৷
সেই ঘটনাই কিন্তু আনন্দিত কৰিছিল তেতিয়াৰ তেজপুৰৰ সাংসদ মণিকুমাৰ চুব্বাক৷ ৰিপুণৰ পতনে উত্তৰ অসমত নিজৰ ৰাজনৈতিক প্ৰতিপত্তি বৃদ্ধি কৰিব বুলি ৰাজহুৱাকৈয়ে দম্ভ কৰিছিল চুব্বাই৷
কিন্তু উক্ত ঘটনাৰ পিছতে মন্ত্ৰিত্ব গ’ল ৰিপুণৰ৷ তিহাৰ জে’লতো সোমাবলগীয়া হ’ল নেতাজন৷ সমস্ত ঘটনাক্ৰমত তেতিয়াৰ এজন কংগ্ৰেছ নেতাৰ হাত আছিল বুলিও চৰ্চা চলিছিল৷ কিন্তু পিছলৈ ডেনিয়েল তপ্ন’ হত্যা গোচৰত ৰিপুণ বৰা দোষমুক্ত হ’ল৷
কিন্তু সেইজন ৰিপুণ বৰাই আকৌ কংগ্ৰেছলৈ উভতিছে৷ তৃণমূল কংগ্ৰেছত বিফল ৰাজনৈতিক পৰ্যটনৰ পিছত ৰিপুণে শৰণ লৈছে ৰাজীৱ ভৱনত৷
পিছে দলত স্থান লাভ কৰিলেও ৰিপুণৰ কংগ্ৰেছত আকৌ উত্থান এতিয়াও নিশ্চিত নহয়৷ কাৰণ তেওঁৰ সংস্থাপন সম্পূৰ্ণ নিৰ্ভৰ কৰিছে গৌৰৱ গগৈৰ ওপৰত৷ যোৰহটীয়া সাংসদৰ মতামতৰ ভিত্তিতহে ৰিপুণৰ ভৱিষ্যৎ AICCয়ে নিৰ্ধাৰণ কৰিব৷
গতিকে ৰাজনৈতিকভাৱে এতিয়াও ৰিপুণ সুৰক্ষিত নহয়৷ তেওঁ কংগ্ৰেছত কিমান গুৰুত্ব লাভ কৰিব সেয়াও সন্দেহৰে বিষয়৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email