ইন্দ্ৰাণী মুখাৰ্জীৰ কথা সম্ভৱতঃ আপোনালোকৰ মনত আছেই৷ ধনৰ খঁকতে কন্যাকো হত্যা কৰা ইন্দ্ৰাণীক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীও বিভ্ৰান্ত হৈ পৰিছিল৷ কাৰণ এজন এজনকৈ ওলায়েই আছিল ইন্দ্ৰাণীৰ সবামী৷ পিটাৰ মুখাৰ্জীৰ উপৰি ইন্দ্ৰাণীয়ে গোপনে সংসাৰ কৰা পুৰষক বিচাৰি বিচাৰি উলিয়াইছি পুলিচে৷
সম্প্ৰতি চুমি বৰাৰ গুৰি খান্দিবলৈ গৈয়ো অনুৰূপ সমস্যাৰ সন্মুখীন হৈছে আৰক্ষী৷ কাৰণ বিশাল ফুকনৰ সৈতে চুমিৰ সম্পৰ্কৰ সবিশেষ উদঘাটন কৰিবলৈ গৈ পাৰ পোৱা নাই আৰক্ষীয়ে৷
আৰক্ষীয়ে প্ৰকাশ কৰা নাই, কিন্তু সম্প্ৰতি সন্ধান পাইছে কেবাজনো স্বামীৰ৷ যোৰহাটৰ কাছগঁৰাল ভাস্কৰ নগৰ নামৰ গাঁৱখনৰ তপন বৰা নামৰ যুৱকজনৰ সৈতে উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিঙৰ পূৰ্বেও চুমিয়ে সংসাৰৰ পাতনি মেলা বুলি সদৰী কৰিছে আৰক্ষীয়ে৷
ইন্দ্ৰাণী মুখাৰ্জীৰ দৰেই এবাৰ গন্ধৰ্ৱ বিবাহ কৰিছিল নৰ্তকী চুমিয়ে৷ তেওঁৰ প্ৰথম স্বামী আছিল ইছলামধৰ্মী৷ কিন্তু সুখেৰে সংসাৰ চলি থকাৰ সময়তে কিছুদিন গুৱাহাটীলৈ যাওঁ বুলিয়েই অন্তৰ্ধান হৈছিল চুমি৷ কিন্তু এতিয়া ওলাইছে আন এটা খবৰো৷ তদানুসৰি মুছলমান যুৱকজনৰ পূৰ্বেও চুমি বিবাহপাশত আবদ্ধ হৈছিল৷
কিন্তু কোনোৱেই সন্তুষ্ট কৰিব পৰা নাছিল চুমিক৷ ইন্দ্ৰাণী মুখাৰ্জীয়ে সপোনৰ ঠিকনা বিচাৰি গুচি গৈছিল মুম্বাইলৈ৷ কিন্তু ডিব্ৰুগড়ৰ বাণীপুৰৰ পৰা ইন্দ্ৰাণী গুচি গৈছিল গুৱাহাটীলৈ৷
মহানগৰীত সপোনৰ ঠিকনাত উপনীত হোৱাৰ পিছত তপন বৰা নামৰ যুৱকজনক নিজৰ সংগী কৰি লৈছিল চুমিয়ে৷ কিন্তু তপনেও তেতিয়ালৈ নাম লৈছিল তাৰ্কিক বৰুৱাৰ৷