সময়ৰ মতে চলা নাছিল, সময়ক নিজৰ মতে চলাইছিল স্বপ্ননীল দাসে৷ সময়ক হাতৰ মুঠিত বন্দী কৰি ৰাখিবলৈ বিচাৰিছিল স্বপ্ননীলে৷ কালৰ দুৰ্নিবাৰ গতিক ধৰি ৰাখিবলৈ স্বপ্ননীলে পিন্ধিছিল চাৰে তিনিলাখটকীয়া ঘড়ী৷ ট্ৰেডিঙৰ নামত অজস্ৰজনক প্ৰতাৰণা কৰা স্বপ্ননীলে পিন্ধিছিল ৰ’লেক্সৰ ঘড়ী৷
ছোনাটা, টাইমেক্স আদি ঘড়ীৰ ব্ৰেণ্ডৰ নামৰ সৈতেহে পৰিচিত অসমত অৱশ্যে ট্ৰেডাৰে নহয়, বিধায়কেহে পিন্ধিছে সবাতোকৈ দামী ঘড়ী৷ লখিমপুৰৰ বিধায়ক মানৱ ডেকাও স্বপ্ননীলৰ দৰেই সময়ক হাতৰ মুঠিত আবদ্ধ কৰি ৰাখিবলৈ আগ্ৰহী
সেয়ে মানৱ ডেকাই হাতৰ সৰুগাঁঠিত পিন্ধি আছে ২২ লাখটকীয়া ঘড়ী৷ স্বপ্ননীলে ট্ৰেডিঙৰ নামত জনতাক ঠগি পোৱা ধনেৰে পিন্ধিছে চাৰে তিনিলাখৰ ৰ’লেক্স৷ কিন্তু বিধায়ক হৈয়েই মানৱ ডেকাই পিন্ধিছে ২২ লাখটকীয়া নাম নুশুনা বিদেশী কোম্পানীৰ ঘড়ী৷
স্বপ্ননীলৰ চখ হেনো কেৱল অৱশ্যে ঘড়ীৰহে৷ কিন্তু মানৱ ডেকাৰ আছে টি-ছাৰ্ট সংগ্ৰহৰো চখ৷ সেয়ে পৰিধান কৰে লাখটকীয়া চোলা৷
মধ্যবিত্ত অসমীয়াৰ সমস্ত জীৱনৰ আয়েৰে কেৱল ঘড়ী পিন্ধিছে মানৱে৷ এজন চৰকাৰী চাকৰিয়ালে গোটেই জীৱনত সাঁচিব পৰা ধনেৰে মানৱৰ ঘড়ীৰ দামেই নোলায়৷
তদুপৰি প্ৰমাণিত হৈছে, এতিয়াও ট্ৰেডিঙতকৈ ৰাজনীতি বেছি লাভজনক৷ যাৰ বাবে প্ৰতাৰক ট্ৰেডাৰ স্বপ্ননীলতকৈ মানৱ ডেকাই পিন্ধে কেবাগুণো দামী ঘড়ী৷