মিঞা মাছ নহয়, বাঙালী মাছ

মিঞা মাছৰ কথা বাদ দিয়ক,
অসমত পাবলৈ নোহোৱা হৈছে একাধিক পৰিচিত মাছ৷ পেটু উলিয়াই মছমছিয়াকৈ ভাজি খোৱা মাছবোৰ প্ৰায় নোহোৱা হৈ গৈছে৷ খাদ্যৰসিকৰ প্ৰিয় বৰিয়লা মাছ ১ কেজিৰ দাম কেতিয়াবা ৬০০ টকালৈয়ো উঠিছে৷
নামনি অসমত প্ৰায় পাবলৈয়েই নোহোৱা হৈছে পুঠি অথবা বৰিয়লা মাছ৷ চকচকীয়া বগা ছালযুক্ত মাছ দুবিধ আজিকালি বজাৰত কেতিয়াবাহে ওলায়৷
আগতে খালে-বিলে উভৈনদী বৰিয়লা মাছ বাৰিষাও অসমত পাবলৈ নাই৷ পূৰ্বে সচৰাচৰ উপলব্ধ বৰিয়লা বা পুঠি মূলতঃ পথাৰত অধিক হাৰত ৰাসায়নিক ব্যৱহাৰৰ ফলত টুটি আহিছে৷
বহুতে ডাকত লোৱা বিলত পালন কৰিছে সৰু মাছবোৰ৷ কিন্তু সেইবোৰে অসমৰ চাহিদা পূৰণ কৰিব পৰা নাই৷
ফলত অসমলৈ আহিছে চালানি ছানা মাছ৷ বংগৰ পুখুৰীত পোহা পুঠিমাছেৰে অসমৰ বজাৰ ভৰি পৰিছে৷ সেইবোৰেই লোকেল বুলি গ্ৰাহকক চ’ৰাদামত বিক্ৰী কৰিছে বেপাৰীয়ে৷
লাও, বিলাহী অথবা যিকোনো শাক অথবা সৰিয়হেৰে চৰ্চৰী বনাই অসমৰ ৰাইজে খোৱা পুঠি-খলিহনাৰ অসমত অভাৱ হৈছে৷ বৰ্তমান বজাৰত উপলব্ধ প্ৰায়বোৰ সৰু মাছেই হৈছে বংগৰ বাঙালী মাছ৷
গতিকে এতিয়া পোৱা নাযায় পূৰ্বৰ সোৱাদ৷ ডেৰশ টকাত এপোৱা বৰিয়লা মাছ কিনিও গ্ৰাহক নাপায় পূৰ্বৰ মিঠা সোৱাদ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email