আজিও কেশৱ মহন্তক গুৰুত্ব নিদিয়ে কলিয়াবৰৰ ৰাইজে৷ দিছপুৰত কেশৱ মহন্তৰ সলনি গুণীন হাজৰিকাৰহে প্ৰভাৱ বেছি বুলি ভাবে স্থানীয় লোকে৷ গতিকে দিছপুৰৰ যিকোনো কামৰ বাবে গুণীন হাজৰিকাৰ কাষ চাপে ৰাইজ৷
অৱশ্যে নৱপ্ৰজন্মৰ বহুতৰে বাবে গুণীন হাজৰিকা চিনাকি নহয়৷ কিন্তু এসময়ত গুণীন হাজৰিকা আছিল মধ্য অসমৰ সবাতোকৈ প্ৰভাৱশালী অগপ নেতা৷ ১৯৮৬ চনত তেওঁ কলিয়াবৰৰ পৰা প্ৰথমবাৰলৈ বিধায়ক হিচাপে নি্বাচিত হৈছিল৷
তাৰ পিছত ১৯৯৬ চনতো জিকি ৰাজ্যৰ উদ্যোগ মন্ত্ৰীও হৈছিল হাজৰিকা৷ ২০০১ চনতো কলিয়াবৰৰ বিধায়ক হৈছিল তেওঁ৷
কিন্তু ৰাজনৈতিক নেতাৰ উপৰি গুণীন হাজৰিকা আছিল জনাজাত সাহিত্যিক৷ সাহিত্য সভা সৈতেও তেওঁ জড়িত৷ লগতে তেওঁ আছিল অধ্যাপক৷ কেবাজনো গৱেষকৰ গাইড আছিল প্ৰফেছৰ গুণীন হাজৰিকা৷
প্ৰফুল্ল মহন্তৰ তুলনাতো পূৰ্বে উত্তৰ অসমত শক্তিশালী গুণীন হাজৰিকা এতিয়াও অগপৰ সদস্য৷ কিন্তু CAAৰ প্ৰতিবাদত তেওঁৰ দলৰ উপ-সভাপতি পদৰ পৰা ইস্তফা দিছে৷
মাজতে অসুস্থ হৈ পৰাৰ ফলত সম্প্ৰতি সামান্য সক্ৰিয়তা কমিছে গুণীন হাজৰিকাৰ৷ কিন্তু কলিয়াবৰৰ প্ৰতিটো অনুষ্ঠানৰ সৈতে তেওঁ জড়িত৷ কেশৱ মহন্তক সমষ্টিটো দান কৰিলেও হাজৰিকাই হৈছে কলিয়াবৰৰ জননেতা৷
প্ৰতিটো অনুষ্ঠান আয়োজনৰ বাবে এতিয়াও বৰঙনি দিয়ে তেওঁ৷ বিধায়ক হৈ নাথাকিলেও তেওঁৰ ওচৰলৈয়েই যায় সাধাৰণ মানুহ৷ কেশৱ মহন্তৰ তুলনাতো তেওঁকহে বিশ্বাস কৰে ৰাইজে৷