দীপিকাৰ কাষতে আছে স্বামী ৰণবীৰ

সন্তানপ্ৰাপ্তিৰ পূৰ্বে ভগৱন্তৰ আশীৰ্বাদ ল’লে দীপবীৰে৷ সুস্থ-সবল সন্তান লাভৰ বাবে সৌভাগ্য কামনা কৰি সিদ্ধিবিনায়ক মন্দিৰত নৈবেদ্য আগবঢ়ালে ৰণবীৰ সিঙে৷ মনোবাঞ্জা পূৰণৰ অৰ্থে পত্নী দীপিকা পাডুকনৰ সৈতে তেওঁ চাকি-ধূপ-ধূনা জ্বলাই ভগৱন্তক আৰাধনা কৰিলে৷ গণেশ চতুৰ্থীৰ শুভক্ষণত চেলিব্ৰিটী কপল দীপবীৰে আগবঢ়ালে নৈবেদ্য৷
বলীউডৰ চৰ্চিত দম্পতিৰ অন্যতম ৰণবীৰ আৰু দীপিকাই সম্প্ৰতি পূৰাদমে চলাইছে নতুন অতিথিক আদৰণিৰ প্ৰস্তুতি৷ সন্তান সম্ভৱা দীপিকা সাজু হৈছে মাতৃত্বৰ বাবে৷ পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এমাহৰ ভিতৰতে মাক হ’ব বলীউডী সুন্দৰী৷
আনহাতে অন্ত:সত্ত্বা পত্নীৰ যত্ন ল’বলৈয়েই সকলো কামৰ পৰা বিৰত আছে ৰণবীৰ৷ চিনেমাৰ শ্বুটিঙৰ পৰাও তেওঁ আঁতৰি আছে৷
বছৰৰ শেষতহে বিগ স্ক্ৰীনলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি প্ৰযোজকক জনাই দিছে ৰণবীৰে৷ একেদৰে মাতৃত্বৰ অৰ্জনৰ পিছতো কিছুদিনলৈ অভিনয়ৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত লৈছে দীপিকাই৷
তেওঁলোকে এতিয়া চলাইছে সংসাৰৰ পৰিবৰ্ধনৰ প্ৰস্তুতি৷ বলীউডৰ পত্ৰিকাৰ খবৰ অনুসৰি সন্তানৰ নামো ঠিৰাং কৰিছে ৰণবীৰে৷ নিজৰ নামৰ আৰ্হিতে তেওঁ পুত্ৰ হ’লে সন্তানৰ নাম শৌৰ্যবীৰ দিব বুলি আত্মীয়ক জনাই দিছে৷
কিন্তু কন্যা সন্তানৰ আগমন ঘটিলে নামকৰণ কৰিব দীপিকা পাডুকনে৷ গতিকে তেৱোঁ ভাবি থৈছে কেবাটাও নাম৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email