লালুৰ ঘৰলৈ গৈ নীতিশৰ ঘোষণা

স্থিতি সলনি নকৰোঁ বুলি ক’লেও তলে তলে সাংঘাতিক কাম কৰি আছে নীতিশ কুমাৰে৷ বিহাৰৰ মুখ্যমন্ত্ৰীৰ মন আকৌ পিছলিবলৈ ধৰিছে৷ বিজেপিৰ সৈতে মিত্ৰতা কৰি লাভ হোৱা নাই বুলি বিশ্বাস জন্মিছে নীতিশৰ৷ সেয়ে ঘনাই লালুপ্ৰসাদ যাদৱৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছে নীতিশে৷
দিল্লীত বিজেপিৰ সুৰতে সুৰ মিলাই কথা ক’লেও বিহাৰত চৰ্চিত হৈ পৰিছে নীতিশৰ ৰাজনীতি৷ এনে চৰ্চাৰ মাজতে সম্প্ৰতি বাৰ বাৰে লালুপ্ৰসাদৰ ঘৰত হাজিৰ হৈছেগৈ নীতিশ৷
খবৰ অনুসৰি যোৱা চাৰিদিনৰ ভিতৰত লালু আৰু নীতিশৰ দুবাৰ আলোচনা হৈছে৷ পুত্ৰ তেজস্বী যাদৱৰ উপস্থিতিত কথা পাতিছে লালু আৰু নীতিশে৷
বিহাৰৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ চমু চাপি অহাৰ পৰত দুই নেতাৰ সঘন বৈঠক ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ৷ কিয়নো বিহাৰৰ শাসন পুনৰ দখল কৰিবলৈ নীতিশক লালুৰ সহযোগৰ যে প্ৰয়োজন হ’ব সেয়া অনিবাৰ্য৷ গতিকে ক্ৰমশঃ লালুপ্ৰসাদৰ কাষ চাপিবলৈ ধৰিছে নীতিশ৷
আনহাতে বৈঠকৰ পছত কিন্তু কেমেৰাৰ আঘতো থিয় দিছে নীতিশে৷ পূৰ্বৰ দৰে তেওঁ গোপন বৈঠক অনুষ্ঠিত কৰা নাই৷
একেদৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বৈঠকতো চকুত লগাকৈ অনুপস্থিত হৈ আছে নীতিশ৷ নিটি আয়োগৰ বৈঠকতো তেওঁ অংশগ্ৰহণ কৰা নাই৷
গতিকে নীতিশৰ বিজেপিৰ সৈতে বিচ্ছেদো হৈ পৰিছে অৱধাৰিত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email