সুস্মিতাৰ চোৰাংচোৱাগিৰি!

ৰিপুণ বৰাই ঘৰ ৱাপছি কৰিলে যদিও শীঘ্ৰে নতুনকৈ গঠিত হ’ব তৃণমূল কংগ্ৰেছ৷ দলটোৰ অসম শাখাৰ নেতৃত্ব গ্ৰহণ কৰিব এজন শীৰ্ষ কংগ্ৰেছ নেতাই৷ এইপৰ্যন্ত ৰাজীৱ ভৱনতে থকা নেতাজনে কংগ্ৰেছ শীঘ্ৰে ত্যাগ কৰিব৷ তেৱেঁই হ’ব অসম তৃণমূলৰ পৰৱৰ্তী সভাপতি৷ তদুপৰি অগপৰো এজন নেতাই তৃণমূলত যোগদান কৰিব৷ সেইজনকো অসম শাখাৰ গুৰুত্বপূৰ্ণ পদবী প্ৰদান কৰা হ’ব৷ তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে দলটোৰ নেত্ৰী সুস্মিতা দেবে৷ মমতা বেনাৰ্জীৰ নিৰ্দেশক্ৰমে সুস্মিতাই পুৰণি সতীৰ্থৰ সৈতে কথা পাতিছে৷ সকলো দায়িত্ব মূৰ পাতি লোৱাৰ পিছতো ৰিপুণ বৰাই হঠাতে পদত্যাগ কৰাৰ বাবে মমতা বেনাৰ্জী ক্ষুণ্ণ হৈ পৰিছে৷ তেওঁ সেয়ে প্ৰত্যাহ্বান হিচাপে লৈ অসম তৃণমূল পুনৰ গঠন কৰিবলৈ দায়িত্ব দিছে সুস্মিতা দেবক৷ একালৰ প্ৰভাৱশালী কংগ্ৰেছী সন্তোষ মোহন দেবৰ কন্যা সুস্মিতা এতিয়াও দলটোৰ ৰাজ্যসভাৰ সাংসদ হৈ আছে৷ বৰ্তমান অসমত দলটো শক্তিশালী কৰিব পাৰিলেহে সুস্মিতাক মমতাই দিব অধিক গুৰুত্ব৷ সেয়ে AIUDFৰ নেতাৰ সৈতেও সুস্মিতাৰ যোগাযোগ চলি আছে৷ ৰাজনীতিৰ ভূ ৰখা সকলৰ মতে, বৰাক উপত্যকাৰ এজন প্ৰাক্তন AIUDF বিধায়কেও অসম তৃণমূলৰ নতুন কমিটীত গুৰুদায়িত্ব লাভ কৰিব৷ কংগ্ৰেছৰ নেতাজন ব্ৰহ্মপুত্ৰ উপত্যকাৰ হ’লেও বৰাকৰ নেতায়ো লাভ কৰিব সমান গুৰুত্ব৷ আনহাতে দল শক্তিশালীকৰণৰ বাবে অসমলৈ ধন পঠিয়াই থাকিবলৈয়ো সন্মত হৈছে মমতা বেনাৰ্জী৷ গতিকে নতুন সভাপতিয়েও লাভ কৰিব বংগৰ পৰা অহা ধনৰ ভাগ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email