হাগ্ৰামাই কথা পতা নাই, কিন্তু আগবঢ়াই দিছে খাম্ফা বৰগয়াৰীক৷ মিলনৰ বাবে যে ইচ্ছুক সেয়াই প্ৰতিপন্ন কৰি খাম্ফাক দিছে প্ৰমোদ বড়োৰ সৈতে আলোচনাৰ দায়িত্ব৷
দিছপুৰৰ হুকুমৰ পিছতে সম্প্ৰতি বঙাইগাঁও শোধনাগাৰৰ মানস অতিথিশালাত চলিছে দুয়োপক্ষৰে আলোচনা৷ কিন্তু উক্ত আলোচনাত নিজে ভাগ লৈছে প্ৰমোদ বড়োৱে৷ পিছে নিজে আঁতৰি থাকি খাম্ফা বৰগয়াৰীক কথা পাতিবলৈ পঠিয়াইছে হাগ্ৰামাই৷ পিছে এই কৌশলৰ আঁৰতো আছে কাৰণ৷
খবৰ অনুসৰি যদি BPF আৰু UPPLৰ একত্ৰিতকৰণ সম্ভৱ হয় তেন্তে ছিদলী সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰাই প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ এতিয়া খালী হৈ থকা ছিদলীত খাম্ফা বৰগয়াৰীক সন্মিলিতভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব৷ সেয়ে খাম্ফাৰ জৰিয়তে সমস্ত প্ৰক্ৰিয়াত আগবাঢ়িবলৈ বিচাৰিছে হাগ্ৰামাই৷
আন এক তথ্য অনুসৰি প্ৰমোদ আৰু হাগ্ৰামাক একত্ৰিত হ’বলৈ ইতিমধ্যে বাজপেয়ী ভৱনে নিৰ্দেশ দিছ৷ দুয়োপক্ষৰ সংঘাতে যাতে তৃতীয়টো দলক লাভৱান কৰিব নোৱাৰে তাৰ বাবে বিজেপি হৈ পৰিছে সতৰ্ক৷
আনহাতে এসময়ত শত্ৰু হিচাপে বিবেচনা কৰিলেও হাগ্ৰামাক সম্প্ৰতি শুভচিন্তক বুলি ভাবে BTCৰ মুছলমান বাসিন্দাই৷ সেয়ে তিনি জিলাৰ মুছলমান ভোটাৰে যাতে কংগ্ৰেছক এককভাৱে ভোট নিদিয়ে তাৰ বাবে হাগ্ৰামাক হাত কৰাটোও বিজেপিৰ বাবে দৰকাৰী৷
সেয়ে BTCত আৰম্ভ হৈছে একত্ৰিকৰণৰ প্ৰক্ৰিয়া৷ মানস অতিথিশালাত ঘনাই বহিছ প্ৰমোদ আৰু খাম্ফা৷ অৱশ্যে এতিয়ালৈ বিষয়টোত দুয়োপক্ষ হৈ আছে সজাগ আৰু সাৱধান৷