ভাদ মাহ আৰম্ভ হ’লেই অসমত বাঢ়ি যায বুটৰ চাহিদা৷ গতিকে অসমলৈ আহে কোটি কোটি টকাৰ বুট৷ ভাদ মাহত অসমীয়াই নামঘৰত শৰাই দিয়ে, কিন্তু লাভ হয় মাৰোৱাৰী বণিয়াৰ৷
আন্দোলন কৰি আঁঠু লোৱাৰ পিছত মাৰোৱাৰীয়ে অসমত বুটৰ ৰমৰমীয়া বেপাৰ কৰিছে৷ কাৰণ অসমত নাই এইবিধ সামগ্ৰী৷
চৰকাৰী তথ্য অনুসৰি দেশৰ ভিতৰত সৰ্বাধিক বুট উৎপাদিত হয় মধ্যপ্ৰদেশত৷ তাৰ পিছতে ৰাজস্থান আু মহাৰাষ্ট্ৰৰ খেতিয়কে বুটৰ খেতি কৰে৷ পশ্চিমবংগ, বিহাৰ আদিতো হয় যদিও অসমত বুটৰ খেতি বাণিজ্যিকভাৱে কোনেও নকৰে৷
ফলত ভাদ মাহত নামঘৰত প্ৰয়োজনীয় বুটৰ চাহিদা পূৰণ কৰাটো সমস্যা হৈ পৰে৷ সুবিধা বুজি মাৰোৱাৰীয়ে বৰ্হিৰাজ্যৰ পৰা আনে বুট৷
সেই বুটেৰেই নাম-প্ৰসংগৰ পিছত অসমৰ নামঘৰত গোপীনিয়ে শৰাই আগবঢ়াই৷ গতিকে ভাদমহীয়া নাম-প্ৰসংগ কৰি অসমীয়াই ধনী কৰে মাৰোৱাৰী বণিয়াক৷
আনহাতে অসমত প্ৰসাদত বুটৰ প্ৰচলনৰ ইতিহাসো বেছিদিনীয়া নহয়৷ বিশেষকৈ ইংৰাজৰ আগমনৰ পূৰ্বে অসমত বুটৰ প্ৰচলনেই নাছিল৷ ইংৰাজে ঘোঁৰাক দানা হিচাপে খুৱাবলৈহে অসমলৈ আহিছিল বুট৷
এতিয়া ঘোঁৰাৰ দানাকে প্ৰসাদত ব্যৱহাক কৰা হয়৷ ফলত লাভ হয় মাৰোৱাৰীৰ৷