জ্বলা জলকীয়াৰ পৰা হৈছে দুৰাৰোগ্য ৰোগ

কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ হৈছে ভূত জলকীয়া৷ অসমত খুবেই প্ৰচলিত জলকীয়াবিধৰ ফলতে কেন্সাৰৰ প্ৰাদুৰ্ভাৱ ঘটিছে৷ বিহ জলকীয়া বুলিও জনাজাত জলকীয়াবিধ হৈছে কেন্সাৰৰ বাহক৷
পৃথিৱীৰ সবাতোকৈ জ্বলা জলকীয়া হিচাপেও স্বীকৃতিপ্ৰাপ্ত ভূত জলকীয়া গেষ্ট্ৰিকৰ দৰে ৰোগত উপয়োগী হিচাপে অভিহিত কৰা হয়৷ কিন্তু আচলতে ভূত জলকীয়া হৈছে দুৰাৰোগ্য ৰোগৰ কাৰণ৷
অসমৰ ভূত জলকীয়াৰ গুণাগুণৰ বিশ্লেষণ চলাই বিশেষজ্ঞই প্ৰকাশ কৰিছে ভয়াৱহ তথ্য৷ তেওঁলোকে সদৰী কৰা অনুসৰি ভূত জলকীয়াৰ জ্বলাৰ বাবে ৰোগৰ সৃষ্টি নহয়৷ জ্বলাই দেহৰো ক্ষতি নকৰে৷
কিন্তু অসমৰ মাটিত উৎপাদিত বিহ জলকীয়াৰ একাধিক বৈশিষ্টৰ বিলুপ্তি ঘটিছে৷ লগতে এতিয়া সঘনাই কীট-পতংগই ভোট জলকীয়াৰ গছ খাই পেলাইছে৷ কিন্তু কৃষি বিভাগে খেতিয়কক যোগান ধৰা কীটনাশকেও ফলাফল প্ৰদৰ্শন কৰিব পৰা নাই৷ ইতিমধ্যে সাধাৰণ দৰৱৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা আয়ত্ত কৰিছে ক্ষতিকাৰক পতংগই৷
সেয়ে আজিকালি খেতিয়কে গছত ব্যৱহাৰ কৰে মুকলি বজাৰত পোৱা কীটনাশক৷ কিন্তু সেইসমূহ জনস্বাস্থ্যৰ বাবে অতিশয় ক্ষতিকাৰক৷ তদুপৰি কীটনাশক ক্ষুদ্ৰ ৰন্ধ্ৰেৰে জলকীয়াৰ ভিতৰতো সোমাই পৰে৷
বাকলি নথকাৰ ফলত ধূলেও কীটনাশক জলকীয়াৰ পৰা আঁতৰ নহয়৷ এইধৰণৰ কাৰণতে ভূত জলকীয়া হৈ পৰিছে কেন্সাৰৰ কাৰণ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email