যোৰহাটৰ কাছগৰাঁল ভাস্কৰ নগৰৰ পৰা গুৱাহাটীলৈ আহিছিল তপন বৰুৱা নামৰ যুৱকজন৷ কেমেৰাৰ প্ৰতি থকা অসীম আগ্ৰহৰ বাবে সপোনৰ মহানগৰীত প্ৰতিষ্ঠা লাভৰ চেষ্টা কৰিছিল তপনে৷ লাহে লাহে গুৱাহাটীৰ মায়াবী পৰিৱেশত মিলি গ’ল তপন৷
এগৰাকী জনাজাত অভিনেত্ৰীক লেন্সত আবদ্ধ কৰি কেমেৰাত ক্লিক কৰাটো হৈ পৰিল তপনৰ দায়িত্ব৷ তপনৰ কেমেৰাৰ ফ্লাছে বাৰম্বাৰ চেলেকি গ’ল সেইগৰাকী অভিনেত্ৰীক৷
লাহে লাহে দৰিদ্ৰ তপনে আৰম্ভ কৰিলে উপাৰ্জন৷ তেতিয়াই লক্ষ্মীনাথ বেজবৰুৱাৰ ভোকেন্দ্ৰ বৰুৱাৰ দৰে চহৰীয়া বতাহ লাগিল তপনৰ গাত৷ নিজৰ নামটো তপনৰ পৰা তাৰ্কিক বৰুৱালৈ সলনি কৰি ল’লে তেওঁ৷
সেই তেতিয়াই এটা পাৰ্টীত নাচনী চুমি বৰুৱাৰ সৈতে চিনাকি হৈছিল তাৰ্কিক বৰুৱাৰ৷ উক্ত চিনাকিৰ সূত্ৰেই তাৰ্কিক আজি পলাই থাকিবলগীয়া হৈছে৷
ভাৰ্য়াৰ উচ্চাকাংক্ষা পূৰণ কৰিবলৈ গৈ কাছগঁৰালৰ তাৰ্কিকো পলাই ফাট মাৰিলে৷ পইচা খৰচ নকৰাকৈয়ে উদয়পুৰৰ ডেষ্টিনেশ্যন ৱেডিঙত দৰা হোৱা তাৰ্কিকে এতিয়াহে গম পাইছে লাখটকীয়া চেম্পেইনৰ সোৱাদ৷
পাতি লোৱা খুলশালীয়েকৰ জহত ক্ষন্তেকীয়া বিলাস কৰা তাৰ্কিকে আত্মসমৰ্পণ কৰিব বুলি মহানগৰ আৰক্ষীয়ে অনুমান কৰিছিল৷ কিন্তু নিশা তেওঁলোকে আত্মপ্ৰকাশ নকৰিলে৷ গতিকে এতিয়া আৰক্ষীৰো উপায় নাই৷
দাগী আচামীৰ দৰেই ধৰি-বান্ধিয়েই থানালৈ নিব লাগিব তাৰ্কিক৷ কেমেৰাৰ আগত থিয় হ’ব সদায় পিছত থকা তাৰ্কিক বৰুৱা৷