চুমিক কি বুলি কৈছিল বিশালে

বৰফৰ দৰে শীতল মস্তিষ্ক, মদৰ অথবা চিগাৰেটৰ প্ৰতি শূন্য আসক্তি- এয়াই হৰ্ষদ মেহতাৰ প্ৰাথমিক চিনাকি৷ নব্বৈৰ দশকৰ শ্বেয়াৰ বজাৰৰ বিগবুল মেহতাৰ আসক্তি কেৱল টকাৰ প্ৰতি৷ খমখমীয়া নোটৰ বাবে উন্মাদ মেহতাৰ মেহতাৰ মতে- পকেটত মানী থাকিলে কুণ্ডলীৰ শনিয়েও একো কৰিব নোৱাৰে৷
পিছে শেষত হৈ গ’ল সৰ্বনাশ৷ দেশৰ ষ্টক একচেঞ্জক আজিৰ পৰ্যায়লৈ উন্নীত কৰা হৰ্ষদ শান্তিলাল মেহতাক অগাধ সম্পত্তিয়েও ৰক্ষা কৰিব নোৱাৰিলে৷
ৰিস্ক হ্যে ত ইস্ক হ্যে বুলি সঘনাই কোৱা হৰ্ষদ মেহতাৰে অসমীয়া অৱতাৰ হৈছে বিশাল ফুকন৷ কিন্তু বিশালৰ সৈতে হৰ্ষদৰ পাৰ্থক্য এটাই- তেওঁ কাহানিও কোনো নাৰীৰ প্ৰতি আসক্তি নাছিল৷ পাতি লোৱা বায়েকো নাছিল হৰ্ষদৰ৷
কিন্তু বিশালৰ আছে পাতি লোৱা বায়েক৷ তদুপৰি তেওঁ দেৱৰাজ ইন্দ্ৰৰ দৰেই৷ অহৰহ নাৰীৰ সংগত পৰিৱেষ্টিত হৈ সুখী হয় বিশাল৷ বিজয় মাল্যৰ দৰেই বিশালৰ চৰিত্ৰ৷
কিন্তু কুণ্ডলীৰ শনিক পকেটৰ মানীয়ে বাধা দিব নোৱাৰিলে৷ ২২ বছৰতে সমাপ্ত হ’ল বিশালৰ পাৰ্ছেলিয়া নামৰ প্ৰতিষ্ঠানটোৰ যাত্ৰা৷
প্ৰবঞ্চনাৰ বজাৰ খোলা বিশালক শেষত পাতি লোৱা বায়েকৰ বিলাসিতাই ধ্বংস কৰিলে৷ সকলো জালিয়াতি শেষত ওলাই পৰিল৷
বিশাল হৈয়ো ২২ বছৰীয়া যুৱকজন হৈ পৰিল শূন্য৷ হয়তো প্ৰবঞ্চনাৰ গোচৰত তেওঁ মুক্তি লাভ কৰিব৷ কিন্তু ইতিমধ্যেই শেষ হৈছে সকলো৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email