আনসময়ত পিটপিটাই ঘূৰি ফুৰা কিন্নৰৰ দল হঠাতে অন্তৰ্ধান হৈছে৷ গুৱাহাটীত প্ৰায় এসপ্তাহে আশ্বৰ্যকৰভাৱে হ্ৰাস পাইছে ধন সংগ্ৰহ কৰা কিন্নৰৰ সংখ্যা৷ ৰে’লৰ পৰাও আচম্বিতে নোহোৱা হৈছে কিন্নৰ৷ যাত্ৰীক ডকা-হকা দি হ’লেও কালেকশ্যন কৰা কিন্নৰবোৰ এতিয়া দেখিবলৈয়েই নাই৷
অসমৰ কেবাখনো নগৰত বিগত দুবছৰৰ ভিতৰত বৃদ্ধি পাইছিল কিন্নৰৰ সংখ্যা৷ কিন্তু ইতিমধ্যে প্ৰমাণিত হৈছে- অসমৰ বাটে-ঘাটে বিচৰণ কৰা ৮০ শতাংশ কিন্নৰেই হৈছে ভুৱা৷ আচলতে কৰ্মহীন পুৰুষে ইজিমানীৰ লোভত কিন্নৰৰ ভাও জুৰি ঘূৰি ফুৰে৷ সুবিধা পালেই সেইসকলে কৰে কালেকশ্যন৷
কিন্তু হঠাতে কিন্নৰৰ দল অন্তৰ্ধান হোৱাৰ কাৰণ আছে৷ সেই কাৰণ হৈছে অসমৰ সাম্প্ৰতিক পৰিস্থিতি৷ আচলতে গুৱাহাটীত কিন্নৰৰ ভাও জুৰি পইচা কালেকশ্যন কৰা ৭০ শতাংশই হৈছে মিঞা পুৰুষ৷
তেওঁলোকে সাজি-কাছি শাড়ী পিন্ধি কিন্নৰৰ ভাও জোৰে৷ উগ্ৰ প্ৰসাধন কৰি ৰে’লতো পইচা সংগ্ৰহ কৰা এইসকল লোকে৷
পিছে সম্প্ৰতি মিঞাৰ বিৰুদ্ধে ক্ষোভৰ সময়ত কিন্নৰৰ নামত বেপাৰ কৰিবলৈ তেওঁলোকে ভয় খাইছে৷ ধৰা পৰাৰ ভয়ত কিছুদিনলৈ বন্ধ ৰাখিছে অবৈধ বেহা৷
সেয়ে বাছ ষ্টেশ্যন অথবা ৰে’লত নোহোৱা হৈছে হাজাৰ হাজাৰ কিন্নৰ৷ প্ৰতিজন যাত্ৰীৰ পৰা ১০ টকাকৈ কালেকশ্যন কৰা কিন্নৰ অন্তৰ্ধান হৈছে৷