কেছৰ বাবেই অকলশৰীয়া হৈ আছে কংগনা

সমালোচকৰ বাবে অশান্তি হৈছে কংগনা ৰানাউটৰ৷ বয়সে ভাটি দিয়াৰ সময়তো অকলশৰীয়া হৈ থকাৰ বাবে কংগনাৰ অশান্তি হৈছে৷
বিজেপিৰ সাংসদগৰাকীৰ বয়স বৰ্তমান প্ৰায় ৪০৷ কিন্তু এতিয়াও দৰা বিচাৰি পোৱা নাই কংগনাই৷ সেয়ে চিন্তা হৈছে কংগনাৰ৷
কিন্তু কংগনাৰ মূলত খং উঠিছে সমালোচকলৈ৷ কংগনাৰ মতে এচাম লোকে তেওঁৰ বদনাম প্ৰচাৰ কৰিছে৷ ফলত তেওঁ বিচাৰি পোৱা নাই দৰা৷
মুখচোকা বুলি ভয় কৰিও কংগনাৰ কাষৰ পৰা আঁতৰি গৈছে বহু পুৰুষ৷ আনকি হ’বলগীয়া বিয়াও ভাগি গৈছে সুন্দৰী অভিনেত্ৰী তথা এতিয়াৰ সাংসদগৰাকীৰ৷
এই কথা নিজেই স্বীকাৰ কৰিছে কংগনাই৷ অভিনেত্ৰীগৰাকীৰ মতে কিছুদিন পূৰ্বে তেওঁৰ বিয়া প্ৰায় খাটাঙেই হৈছিল৷ বিশেষ দিনটোত তেওঁৰ ঘৰত উপস্থিত হৈছিল ভাবী দৰাৰ পিতৃ-মাতৃ৷ কিন্তু কথা-বতৰা চলি থকাৰ সময়তে চমন জাৰি কৰিবলৈ ঘৰত পুলিচে প্ৰৱেশ কৰিলে৷ ফলত ভয় খালে ভাবী দৰাৰ অভিভাৱকে৷
বিভিন্ন ঠাইত ৰুজু হোৱা গোচৰৰ বাবেও সংসাৰ তৰিব পৰা নাই বুলি স্বীকাৰো কৰিছে কংগনাই৷ নৰেন্দ্ৰ মোদীৰ অনুগামী কংগনাই ব্যক্ত কৰিছে মনৰ বেদনা৷
কেবাখনো হিট ছবিৰ নায়িকা কংগনাক গোচৰৰ বাবেই জীৱনসংগী কৰি ল’বলৈ সংকোচবোধ কৰিছে বহু পুৰুষে৷ সেয়ে তেওঁ হৈ আছে অকলশৰীয়া৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email