মিঞা নাথাকিলে অসম নচলে

চিমেণ্ট মুঠেও বিক্ৰী হোৱা নাই৷ দোকান খুলিও লাভ হোৱা নাই মাৰোৱাৰী ব্যৱসায়ীৰ৷ কাৰণ যোৱা এসপ্তাহে দোকানত কমি গৈছে বিক্ৰী৷ বিশেষকৈ চিমেণ্ট আৰু ৰডৰ বিক্ৰী শূন্য হৈ পৰিছে৷ আগেয়ে সামগ্ৰী সৰ্বাধিক বিক্ৰী হোৱা দোকানতো সম্প্ৰতি গ্ৰাহক নাই৷ কাৰণ কাম কৰিবলৈ মিঞা নাই৷
ঠিকাদাৰৰ তত্ত্বাৱধানত উজনিৰ ৯৫ শতাংশ ব্যক্তিগত নিৰ্মাণকাৰ্যতে নিয়োজিত হৈ আছিল মিঞা শ্ৰমিক৷ তেওঁলোকে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ ফলত নিৰ্মাণকাৰ্য বন্ধ হৈ পৰিছে৷ ফলত বিক্ৰী নোহোৱা হৈছে চিমেণ্ট৷
কিছুদিনৰ পূৰ্বৰ তুলনাত উজনিত সামান্য কমিছে ইটা আৰু বালিৰ দাম৷ চাহিদা হ্ৰাস পোৱাৰ বাবে দামৰ গ্ৰাফ কিছু তললৈ নামিছে৷
একেদৰে ৰডৰ বিক্ৰী ৬০ শতাংশ হ্ৰাস পোৱা বুলি সদৰী কৰিছে হাৰ্ডৱেৰ ব্যৱসায়ীয়ে৷ চৰজমিন অধ্যয়নৰ সময়ত তেওঁলোকে ব্যক্ত কৰা অনুসৰি লোহাৰ বিক্ৰী একেবাৰে কমিছে৷ গৃহ নিৰ্মাণৰ কাম চলি নথকাৰ বাবে নোহোৱা হৈছে বিক্ৰী৷
মিঞাই উজনি ত্যাগ কৰাৰে পৰা হাৰ্ডৱেৰ খণ্ডত চলি আছে মন্দা৷ ব্যৱসায়িক দুৰ্যোগৰ অন্ত পেলাবলৈ লাগিব বিকল্প শ্ৰমিক৷ মিঞাৰ অনুপস্থিতিত বিহাৰী শ্ৰমিকে কামত ধৰিছে যদিও তেওঁলোকৰ সংখ্যা পৰ্যাপ্ত নহয়৷ সেয়ে ঠিকাদাৰে নতুনকৈ আৰম্ভ কৰা নাই কাম৷ গতিকে বিক্ৰী কমিছে চিমেণ্ট-ৰডৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email