উজনিৰ নিবনুৱা খিলঞ্জীয়া যুৱকে নতুন ব্যৱসায় এটা কৰিছে৷ মিঞা খেদি বীৰপুৰুষ হোৱা খিলঞ্জীয়াৰ নতুন বেপাৰটো হৈছে ডকা-হকাৰ৷ বিশেষকৈ শিৱসাগৰত এইটো বেপাৰ এতিয়া চলি আছে৷
মাৰোৱাৰীক আঁঠু কঢ়াই বীৰ হোৱা বহু শিৱসাগৰীয়া ডেকা সম্প্ৰতি নিৰ্দিষ্ট ঠাইত খাপ পিটি থাকে৷ নিৰ্দিষ্ট স্থানত ৰৈ তেওঁলোকে চাই থাকে বাহিৰা ৰাজ্যৰ পঞ্জীয়নভুক্ত গাড়ী৷
অসমৰ কাষৰীয়া কোনো ৰাজ্যৰ গাড়ী দেখিলেই চান্দা তোলাত অভ্যস্ত যুৱকে চিলনীৰ দৰে খেদি যায়৷ মটৰ চাইকেল লৈ পিছে পিছে খেদে বাহিৰৰ গাড়ীক৷
কিছুদূৰ খেদি গাড়ীখন আগচি ধৰে যুৱকৰ দলে৷ তাৰ পিছতে অকাৰণতে আৰম্ভ কৰে উপদ্ৰৱ৷ গাড়ী দ্ৰুত গতিত চলোৱাৰ অভিযোগ তুলি ডকা-হকা দিবলৈ চালকক চেষ্টা কৰে শিৱসাগৰীয়া ডেকাই৷ ঐ কিয় স্পীডত চলাইছ বুলিও ড্ৰাইভাৰক খেদি যায় শিৱসাগৰৰ ডেকাই৷
অৱশ্যে, বাহিৰৰ পঞ্জীয়নভুক্ত গাড়ীৰ চালক যদি অসমীয়া হয় তেন্তে ঠোট-মুখ চেলেকি উভতি যায় বীৰ পুৰুষসকল৷
কিন্তু চালক বা যাত্ৰী অনা-অসমীয়া হ’লে তেওঁলোকক দিব লাগে চান্দা৷ এয়াই হৈছে শিৱসাগৰীয়া ডেকাৰ নতুন বিজনেছ ফৰ্মুলা৷
আনক ডকা-হকা দি ধন কাঢ়ি লোৱা শিৱসাগৰীয়াই আকৌ মিঞা খেদিবলৈ ওলাইছে৷ কৰ্মৰ সলনি চান্দাৰে চহকী হোৱা যুৱকৰ আন্দোলনৰ পৰিণতি কি হ’ব সেয়া এতিয়াই দেখা গৈছে৷