মুছলমান স্বামীৰ পৰা বিচ্ছেদৰ পিছত অৰ্জুন কাপুৰৰ বাহুবন্ধনত আবদ্ধ হৈছিল মালাইকা আৰোৰা৷ বনী কাপুৰৰ পুত্ৰই বুকুৰ সমস্ত উমেৰে সাবটি লৈছিল মালাইকাকা৷ বয়সত বহু ডাঙৰ মালাইকাৰ সৈতেই চিৰজীৱন কটোৱাৰ সপোন দেখিছিল অৰ্জুনে৷ কিন্তু মাজতে ওলাল বিচ্ছেদৰ বাতৰি৷ সদায জিমলৈ গৈ ৫০ বছৰ বয়সতো দেহ সুঠাম কৰি ৰখা মালাইকাক অৰ্জুনে প্ৰতাৰণা কৰিলে বুলিও বাতৰি ওলাল৷
কিন্তু এতিয়াও একেলগে আছে মালাইকা আৰু অৰ্জুন৷ দুয়োৰে ঘনিষ্ঠই নস্যাৎ কৰিছে বিচ্ছেদৰ বাতৰি৷ তেওঁলোকৰ মতে অৰ্জুনে আনুষ্ঠানিকভাৱে মালাইকাৰ সৈতে বিবাহৰ পৰিকল্পনা কৰা নাই৷
কিন্তু তেওঁলোক এতিয়াও লিভ-ইন সম্পৰ্কত আছে৷ মালাইকাৰ সৈতে একেটা ফ্লেটতে দিন কটাই আছে অৰ্জুনে৷ লিভিং টুগেডাৰ কৰি দুয়ো কটাইছে সুখৰ সময়৷
গতিকে বিচ্ছেদৰ বাতৰিৰ কোনো ভিত্তি নাই বুলিয়েই উল্লেখ কৰিলে ঘনিষ্ঠ মহলে৷ তেওঁলোকৰ তথ্য অনুসৰি অৰ্জুনৰ বাবেই মুছলমান স্বামী আৰবাজ খানৰে সংসাৰ ভাগিছিল মালাইকাৰ৷ অৰ্জুনৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কই আৰবাজক অতিষ্ঠ কৰিছিল৷
গতিকে এতিয়া আকৗ মালাইকাক নি:সংগ নকৰে বুলি অংগীকাৰ কৰিছে অৰ্জুনে৷ স্বামীৰ পৰা আঁতৰি তেওঁক আপোন কৰি লোৱা মালাইকাৰ প্ৰতি ব্যাকুল হৈ পৰিছে অৰ্জুন কাপুৰ৷
একেলগে দেখা পোৱা নাযায় যদিও দুয়ো একেটা ফ্লেটতে দিন পাৰ কৰিছে৷ কটাইছে বহু মধুৰ মুহূৰ্ত৷