কোনো মুছলমান কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয়৷ মুছলমান নেতাই অসমৰ মু্খ্যমন্ত্ৰী হোৱাৰ ইচ্ছাও কৰিব নালাগে৷ আনোৱাৰা টাইমূৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো আছিল ঐতিহাসিক ভুল৷
এই কথাখিনি আমাৰ নহয়৷ ওপত আমি উল্লেখ কৰা কথাখিনি আলোচনা হৈছিল AIUDFৰ বিধায়িনী কাৰ্যনিৰ্বাহকত৷ বদৰুদ্দিন আজমলৰ উপস্থিতিত AIUDFৰ সকলো বিধায়কে সৰ্বসন্মতভাৱে প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে অসমত কোনো মুছলমানে কেতিয়াও মুখ্যমন্ত্ৰী পদৰ বাবে লালসা নকৰে৷
কংগ্ৰেছে আনোৱাৰা টাইমূৰক মুখ্যমন্ত্ৰী পতাটো সৰ্বনাশীয়া ভুল আছিল বুলি সভাত প্ৰস্তাৱ দাঙি ধৰিছিল তেতিয়াৰ দলীয় বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে৷
প্ৰতিটো বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজমল ভীতিৰ পৰিপ্ৰেক্ষিতত AIUDFএ দলীয়ভাৱে উক্ত স্থিতি প্ৰকাশ কৰিছিল৷ কমদিনৰ বাবে হ’লেও কংগ্ৰেছে আনোৱাৰা টাইমূৰক মুখ্যমন্ত্ৰী পতাৰ বাবেই সংখ্যাগুৰুৰ আস্থা হেৰুৱালে বুলিও আলোচনা কৰিছিল দলটোৰ নেতাই৷
কিন্তু AIUDFৰ দলীয় বক্তব্যই তেতিয়াও খিলঞ্জীয়াক আশ্বস্ত কৰিব নোৱাৰিলে৷ তেতিয়াও ৰাজনীতিত ব্ৰহ্মাস্ত্ৰৰ দৰে হৈ পৰিল এষাৰ বাক্য- আজমল মুখ্যমন্ত্ৰী হৈ যাব
তাৰ পিছতো ৰাজনীতি বহু সলনি হ’ল৷ অসমৰ ৰাজনীতিত ধূলিস্যাৎ হৈ পৰিল আজমল৷ কিন্তু মিঞাৰ হাতত ভূমি হেৰুওৱাৰ ভয়ৰ পৰা খিলঞ্জীয়া মুক্ত নহ’ল৷ গতিকে চলি থাকিল মিঞাভীতি৷
অসমৰ সাম্প্ৰতিক পৰিস্থিতিও উক্ত মিঞাভীতিৰ পৰিচায়ক৷ যদি পৰিস্থিতি শীঘ্ৰে স্বাভাৱিক নহয়, তেন্তে ভাতৃঘাতী সংঘৰ্ষ যে হ’ব সেয়া অৱধাৰিত৷