মুখত দীঘল দাড়ি আৰু টুপী পিন্ধা মানুহক খেদিবলৈ ওলাইছে জাতীয়তাবাদী নামধাৰী বিপ্লৱী৷ বহুতৰে মতে সেইসকল বাংলাদেশী৷
কিন্তু এতিয়া শুনক
১৯৫২ চনত অসমৰ মুখ্যমন্ত্ৰীৰূপে বিষ্ণুৰাম মেধিয়ে দায়িত্ব লৈছিল। মুখ্যমন্ত্ৰী হৈয়েই মেধিয়ে নেহৰু-লিয়াকৎ চুক্তি বিৰোধিতা কৰি অসম আৰু তেতিয়াৰ পূব পাকিস্তানৰ সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰিছিল।
মেধিয়ে বিচৰা নাছিল অসমলৈ অবৈধ পূৱ পাকিস্তানৰ নাগৰিক অহাতো৷ মেধিৰ কঠোৰতা কিন্তু প্ৰধানমন্ত্ৰী নেহৰুৱে ভাল পোৱা নাছিল।
অনুপ্ৰৱেশকাৰীক দেখা মাত্ৰকে গুলীয়াই মৰাৰ নিৰ্দেশ দিছিল মেধিয়ে। যাৰ বাবে মেধিৰ সৈতে নেহৰুৰ সংঘাত হৈছিল।
তেতিয়াই আকৌ অসমত তেল শোধনাগাৰ স্থাপনৰ কথা চলি আছিল৷ সেইবিষয়ে তেতিয়াৰ তেল মন্ত্ৰী কে ভি মালব্যলৈ চিঠি লিখিও উত্তৰ নাপালে মুখ্যমন্ত্ৰী মেধিয়ে৷ গতিকে সতীৰ্থৰ সৈতে মুখ্যমন্ত্ৰী দিল্লীলৈ গ’ল৷
তেল মন্ত্ৰী মালব্যই কিন্তু তেওঁলোকক সাক্ষাৎ নকৰিলে৷ পিছত দলটোৱে প্ৰধানমন্ত্ৰী নেহৰুক লগ কৰিছিল।
কিন্তু প্ৰধানমন্ত্ৰীয়েও শোধনাগাৰৰ নিশ্চিতি নিদিলে৷ ফলত প্ৰধানমন্ত্ৰী নেহৰুক উভতি ধৰি মেধিয়ে ক’লে- আপুনি হয় বা নহয় কিবা এটা কওক। নকয় যদি দেখা যাব!
শেষত নেহৰুৱে প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল মেধিক৷
কিন্তু সমস্যাৰ সূত্ৰপাত হৈছিল বাংলাদেশীৰ প্ৰব্ৰজনকলৈয়ে৷ কেবাদশকৰ পিছত আকৌ একেদৰে মিঞাৰ প্ৰসংগয়েই উত্তপ্ত কৰিছে অসম৷