অসমৰ পৰা কোনেও খেদিব নোৱাৰে মিঞা৷ অসমতে থাকিব লাগিব মিঞা৷ মিঞা খেদিব, কিন্তু ক’লৈ খেদিব? মিঞাৰ ভোটহে লাগে নেকি নেতাক৷ হাফিজ ৰছিদেও একো নকয় কিয়? মায়ঙতো মিঞাক মাটি দিছিল চৰকাৰে৷ কিয় অকলে যুঁজিছে মুখ্যমন্ত্ৰীয়ে? কিয় কাকো মাত মাতিবলৈ দিয়া নাই অধিকাৰ? মিঞা খেদা আন্দোলন ৰাজনৈতিক নাটক নেকি?
মাজতে বৰ হৈচৈ কৰি ছিপাঝাৰৰ পৰা মিঞা উচ্ছেদ কৰা হৈছিল৷ তাতে চৰকাৰে পাতিছিল গৰুখুঁটি কৃষি প্ৰকল্প৷ তেতিয়া শ শ বিঘা মাটিৰ পৰা মিঞা খেদা হ’ল৷ উগ্ৰ জাতীয়তাবাদীয়েও ভাল পালে চৰকাৰৰ কাম৷ কিন্তু জানেনে, কিছুদিনৰ পিছত সেইসকল উচ্ছেদিতক দলগাঁৱত সংস্থাপিত কৰা হ’ল৷ গৰুখুঁটিৰ পৰা উচ্ছেদ কৰা মিঞাক দলগাঁৱত চৰকাৰে দিলে ম্যাদী পট্টা মাটি৷ একেদৰে মায়ঙতো মিঞাৰ ঘৰ উচ্ছেদ কৰা হৈছিল৷ কিন্তু কিছুদিন পিছত তেওঁলোকক চৰকাৰে ১১২৬ বিঘা মাটি আবণ্টন দিলে৷ উচ্ছেদ কৰা ঠাইৰ পৰা ট্ৰেক্টৰেৰে সামগ্ৰী নি মিঞাক সহায় কৰিলে প্ৰশাসনে৷ গতিকে নিৰ্দিষ্ট এলেকাত মিঞা থাকি গ’ল৷ সত্য কথাটো হৈছে মিঞাক কোনেও অসমৰ পৰা খেদিব নোৱাৰে৷
মিঞা সম্প্ৰদায়ৰ একালৰ অবিসম্বাদী নেতা আছিল গোলাম ওছমানি৷ UMF গঠন কৰি কংগ্ৰেছক কঁপাই দিছিল ওচমানিয়ে৷ তাৰ পিছত আহিল বদৰুদ্দিন আজমল৷ কিন্তু অসমৰ সংখ্যালঘু ৰাজনীতিৰ অন্যতম নিৰ্ণায়ক শক্তি হৈ আছিল হাফিজ ৰছিদ আহমেদ চৌধুৰী৷ কিছুদিন পূৰ্বে কংগ্ৰেছত যোগ দি তেওঁ খেলিছিল কৰিমগঞ্জৰ পৰা নিৰ্বাচন৷ হাৰিলেও হাফিজ ৰছিদে পাইছিল সৰহীয়া ভোট৷ কিন্তু সেইজন নেতাও মিঞা বিদ্বেষৰ প্ৰতি নীৰৱ৷ মিঞা খেদা আন্দোলনৰ বিষয়ে এটা শব্দও কোৱা নাই হাফিজ চাহাবে৷ মিঞাৰ ভোট বিচৰা নেতাই বিপদকালত শ্ৰমিকসকলৰ সপক্ষে মাত নামাতে৷ এয়াই বাস্তৱ সত্য৷
আপোনালোকে মন কৰিবচোন, মুখ্যমন্ত্ৰীয়ে যিকোনো এটা বিষয় উপস্থাপন কৰাৰ পিছতে সৰৱ হৈ পৰে কেবাগৰাকী মন্ত্ৰী৷ পীয়ূষ হাজৰিকা অথবা জয়ন্ত মল্লবৰুৱাই কথাটোত মুখ পাতি ধৰে৷ আনকি USTMৰ বিষয়টোতো পীয়ূষ হাজৰিকা আছিল সৰৱ৷ জয়ন্ত মল্ল বৰুৱায়ো নানা যুক্তি দিছিল৷ কিন্তু অসমৰ সাম্প্ৰতিক প্ৰজেক্ট মিঞাক লৈ তেওঁলোক নীৰৱ৷ আন নালাগে বিজেপিৰ ৰাজ্যিক নেতৃত্বয়ো এই বিষয়ে একো কোৱা নাই৷ সভাপতি ভৱেশ কলিতাই বাৰম্বাৰ প্ৰশ্ন কৰাৰ পিছতো মুখ বন্ধ কৰি থৈছে৷ পৱিত্ৰ মাৰ্ঘেৰিটা বা দিলীপ শইকীয়াও মনে মনে আছে৷ গতিকে অকলে যুঁজিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে৷ মিঞা যুদ্ধত মুখ্যমন্ত্ৰীৰ একক অংশগ্ৰহণে আন বহু সংকেত কিন্তু ইতিমধ্যে প্ৰদান কৰিছে৷