লোকচানৰ বাবে নতশিৰ মিঞা বেপাৰী

ক্ষমাভিক্ষাৰ পিছতো নগাঁৱৰ মৎস্যপালকে উজনিলৈ পঠিয়াব পৰা নাই মাছ৷ ওস্তাদী দেখুৱাই এতিয়া নিজেহে বিপাঙত পৰিছে মিঞা মৎস্যপালক৷ লখিমপুৰ হৈ বগীবিলেৰে উজনিলৈ নগাঁৱৰ মাছৰ সৰবৰাহো বন্ধ কৰি দিছে সংগঠনৰ নেতাই৷
কিন্তু মিঞা সম্প্ৰদায়ৰ বেপাৰীয়ে উদ্ভাৱন কৰিছে বিকল্প উপায়৷ গাড়ীৰ জৰিয়তে মাছ প্ৰেৰণ অসম্ভৱ হৈ পৰাত তেওঁলোকে আন এটা উপায় অৱলম্বন কৰিছে৷
পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ থকাৰ সময়ত ৰে’লেৰে পঠিওৱা হৈছে মাছ৷ আমি লাভ কৰা খবৰ অনুসৰি নগাঁও আৰু হোজাইৰ পৰা লামডিঙলৈ গৈছে মাছৰ কাৰ্টুন৷
কিছুদিন আগলৈ মাছ গেলাই পেলাম বুলি দম্ভ কৰা মাছ বেপাৰীয়ে লামডিঙৰ পৰা ৰে’লত উজনি অসমলৈ মৎস্য প্ৰেৰণ কৰিছে৷ লামডিঙৰ পৰা সংযোগী ৰে’লত প্ৰথমে মাছ চিলাপথাৰলৈ সৰবৰাহ কৰা হৈছিল৷ তাৰ পৰা বাছত মাছ ডিব্ৰুগড়লৈ নিয়া হৈছিল৷
একেদৰে লামডিঙৰ পৰা ডিব্ৰুগড়ৰ পোনপটীয়া সংযোগী ৰে’লতো কম পৰিমাণে মাছ নি থকা হৈছে৷ কিন্তু এনেদৰে তাকৰীয়া পৰিমাণে মাছ প্ৰেৰণ কৰি লাভ আদায় কৰিব পৰা নাই বেপাৰীয়ে৷
গতিকে সন্মুখীন হৈছে লোকচানৰ৷ শোণিতপুৰ, লখিমপুৰ, ধেমাজি হৈ দীঘলীয়া পথ অতিক্ৰমৰ সলনি ৰে’লত পৰিবহণৰ খৰচ কম বাবে বিকল্প উপায় বাছি লৈছে ব্যৱসায়ীয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email