ডুবাইৰ পৰা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীৰ বাবে লৈ আনিছিল খেজুৰ আৰু আতৰ৷ বহুদিনৰ মূৰত লগ পোৱা হিমন্ত বিশ্ব শৰ্মাক হুজুৰে আৰবৰ খেজুৰ উপহাৰ দিলে৷
পিছে বদৰুদ্দিন আজমল বিদেশত থাকোতেই ভাল আছিল৷ দেশলৈ আহিয়েই আজমলে লগায়েই দিলে গণ্ডগোল৷ ধুবুৰীয়ে ডুবাইলৈ নিৰ্বাসন দিয়া আজমলে আহিয়েই এটা পাক লগাই থৈ গ’ল৷
জ্বলা জুইত ঘিউ ঢলাৰ ৰাজনীতি কৰা আজমলে গুৱাহাটীত উপস্থিত এটা আউল লগাই দিলে৷ মিঞা খেদা আন্দোলনে সামাজিক অসূয়াৰ সৃষ্টি কৰাৰ সময়ত তেওঁ মুখ্যমন্ত্ৰীক মুছলমানৰ বহুবিবাহ বন্ধ নকৰিবলৈ অনুৰোধ জনালে৷
এই কথা কাৰো নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কিন্তু কৈয়ো দিলে৷ সদনত মুখ্যমন্ত্ৰীয়ে কোৱা মতে জমিয়তৰ এজন নেতাই মুছলমানৰ বহুবিবাহৰ বিষয়ে এনে কিছু কথা কৈছে যিবোৰ ৰাজহুৱাকৈ কোৱাটো লজ্জাজনক৷
AIUDFৰ দলীয় বিবৃতি অনুসৰি উজনিত মিঞাৰ সুৰক্ষাৰ দাবীতহে আজমলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰীয়ে ক’লে আজমলে কোৱা গোপনীয় কথাখিনিহে৷
কিন্তু প্ৰশ্ন হয়, আজমলে কি এনে কথা কৈছে যিবোৰ ৰাজহুৱাকৈ ক’বলৈ মুখ্যমন্ত্ৰীৰ লাজ লাগিল৷ নিৰ্বাচনৰ সময়ত আজমলে দাবী কৰিছিল- তেওঁৰ এতিয়াও বিয়া পাতিব পৰাৰ ক্ষমতা আছে৷
গতিকে স্বাভাৱিকতে সন্দেহৰ সূত্ৰপাত হৈছে- কাৰ বিয়াৰ কথা মুখ্যমন্ত্ৰীক ক’লে আজমলে?