ভুলবোৰ আনৰ, ফুলবোৰ অখিল গগৈৰ

আচলতে গণ্ডগোলটো কৰিলে কোনে?
জনাসকলে জানে- অখিল গগৈয়ে কেতিয়াও ভুলৰ দাযিত্ব স্বীকাৰ নকৰে৷ নেতা হিচাপে সতীৰ্থই কৰা দোষৰ বাবেও তেওঁ নৈতিক দায়িত্ব স্বীকাৰ নকৰে৷
কিন্তু কামৰ কৃতিত্ব কাকো ল’বলৈ নিদিয়ে অখিলে৷ ভুলবোৰ আনৰ মূৰত জাপি ফুলবোৰ কাঢ়ি লয় অখিল গগৈয়ে৷
এইবাৰো তেনেকুৱাই কৰিলে অখিলে৷ অসুস্থ বিধায়ক অখিলে GMCHৰ পৰা ওলাই চৰকাৰ বিৰোধী প্ৰতিবাদৰ পৰিকল্পনা কৰিছিল৷ কিন্তু নোৱাৰিলে৷ পুলিচে ওলাবলৈ নিদিলে৷ তাৰ পিছত অখিলে কাৰ্টুনৰ প্লে’কাৰ্ড ফে’চবুকত প্ৰদৰ্শন কৰিলে৷ GMCHৰ পৰাই প’ষ্টাৰ দেখুৱাই প্ৰতিবাদ কৰিলে অখিলে৷
য’ত লিখা আছিল মিয়া অ’ মিয়া
২৬ৰ বৈতৰণী পাৰ কৰি দিয়া
কিন্তু তেতিয়াই ফে’চবুকত গৰজি উঠিল কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী৷ তেওঁ দুদিন আগতে অঁকা কাৰ্টুন নকল কৰি অখিলে নাটক কৰা বুলিও প্ৰতিবাদ কৰিলে ৰাজবংশীয়ে৷ এলানি ক্ষোভভৰা প’ষ্টৰ পিছত কাৰ্টুনৰ জগতৰ পৰাই সন্ন্যাসো ৰাজবংশীয়ে ঘোষণা কৰি দিলে৷
অৱশ্যে ৰাজবংশীৰ খং স্বাভাৱিক৷ কিয়নো দুদিন আগতে তেওঁ অঁকা কাৰ্টুনটোৰো ছবি আৰু কথা আছিল অনুৰূপ৷ তেওঁ লিখিছিল
মিঞা অ’ মিঞা
বৈতৰণী পাৰ কৰাই নিয়া
হাস্পতাল আৰু ফে’চবুকৰ প্ৰতিবাদৰ পিছত খেল জমিল৷ বেলেগ এটা কৗশলেৰে অখিলে ভুলৰ দোষ জাপি দিলে জমশ্বেৰ আলি নামৰ লোকজনক৷
একালত সাংবাদিকতা, তাৰ পিছত কংগ্ৰেছী ৰাজনীতি, আকৗ সাংবাদিকতা কৰা জমশ্বেৰেই যত কূটৰ ঘাই বুলি অখিলে জনাই দিলে৷ বলিৰ পঠা হ’ল জমশ্বেৰ৷ অখিলে ক্ষমাও নুখুজিলে৷ কিয়নো অখিলে ভুল নকৰে!

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email