উস! ৰক্ষা…
ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত কমিব LPGৰ দাম৷ একেলগে কমিব পেট্ৰ’ল আৰু ডিজেলৰ দৰ৷ অহামাহৰ প্ৰথম তিনিদিনৰ ভিতৰতে চাউল-দাইলৰ দামো হ্ৰাস পাব৷
সমৰ্থিত সূত্ৰই সদৰী কৰা অনুসৰি ঘৰুৱা আৰু বাণিজ্যিক দুয়োবিধ ৰন্ধন গেছৰ দাম কমাবলৈ চৰকাৰে সিদ্ধান্ত লৈছে৷ এতেকে ছেপ্টেম্বৰৰ তিনি তাৰিখৰ ভিতৰত ঘৰুৱা ৰন্ধন গেছৰ দৰ ৫০ টকা পৰ্যন্ত হ্ৰাস পাব৷
দেশৰ সকলো ঠাইতে ৭৬০ টকাৰ ভিতৰত উপলব্ধ হ’ব LPG চিলিণ্ডাৰ৷ তদ্ৰুপ বাণিজ্যিক ৰন্ধন গেছৰো দৰ ৭০ টকা কমোৱা হ’ব৷ গতিকে পূৰ্বৰ তুলনাত ক্ৰেতাই সস্তা দামতে কিনিব পাৰিব বাণিজ্যিক এল পি জি৷
মুদ্ৰাস্ফীতিয়ে বিপদসীমা অতিক্ৰম কৰাৰ বাবে পেট্ৰ’ল-ডিজেলৰো দাম কমোৱা হ’ব৷ তৈল পৰিবাহী প্ৰতিষ্ঠানে প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস কৰিব পাৰে প্ৰায় ৮ টকাকৈ দাম৷
ডিজেলৰ দামো প্ৰতিলিটাৰত ৭ টকা কমাৰ সম্ভাৱনা আছে৷
চৰকাৰে দেশব্যাপী LPG আৰু ইন্ধনৰ দাম ততালিকে হ্ৰাস কৰিবলৈ সিদ্ধান্ত লোৱাৰ অন্যতম কাৰণ হৈছে কেবাখনো প্ৰদেশৰ আগন্তুক নিৰ্বাচন৷
আনহাতে ছেপ্টেম্বৰতে চাউল-দাইলৰো দাম হ্ৰাসৰ আছে সম্ভাৱনা৷ বিশেষকৈ সমগ্ৰ দেশজুৰি দাইলৰ দাম সৰহীয়া অংকত হ্ৰাস পাব বুলি সূত্ৰটোৱে সদৰী কৰিছে৷ এই সিদ্ধান্ত ৰাজহুৱা কৰাৰ পূৰ্বে কেন্দ্ৰই সীমিত কৰিছে চাউল-দাইলৰ ৰপ্তানি৷
যদি দাম সঁচাকৈ হ্ৰাস পাই তেন্তে সকাহ পাব দেশৰ জনতাই৷ বৰ্ধিত দামৰ ফলত জীয়াতু ভোগ কৰাৰ সময়ত উশাহ ল’বলৈ পাৰিব ৰাইজে৷