আলোচনা হৈ থাকোতেই কথাবোৰ পতা ভাল৷ নহ’লে মানুহবোৰে পাহৰি যায়৷
নগাঁও আৰু হোজাই জিলাত হাজাৰোধিক লোকে মীন পালনকে জীৱিকা হিচাপে বাছি লৈছে৷ তেওঁলোকে খেতি কৰাৰ সলনি পুখুৰী খান্দি মাছ পুহিছে৷ যি মাছে চাহিদা পূৰণ কৰিছে অসমৰ বৃহৎ এলেকাৰ৷ দৰাচলতে নগাঁৱৰ মৎস্য উদ্যোগৰ বাবেই অসমলৈ অন্ধ্ৰৰ চালানি মাছৰ সৰবৰাহ কমিছে৷
কিন্তু ৰূপহীহাট বা মৈৰাবাৰীৰ পুখুৰীবোৰ এটা কাৰণত ব্যতিক্ৰম৷ যদি আপুনি আজি পুখুৰীটোৰ পানীৰ ৰং ৰঙা দেখে, পিছদিনা একেটা পুখুৰীৰে পানীৰ বৰণ হৈ থাকে সেউজীয়া৷ একেদৰে দিনে দিনে পুখুৰীৰ পানীয়ে বৰণ সলাই থাকে৷ সচৰাচৰ কৃত্ৰিম জলাশয়ৰ পানীৰ বৰণ নগাঁও বা হোজাইৰ পুখুৰীত কোনেও নেদেখে৷
কিন্তু কিয় দুই জিলাত পানীয়ে বৰণ সলাই থাকে?
সেই পুখুৰীবোৰত আচলতে অধিকহাৰত প্ৰয়োগ কৰা হয় ইউৰিয়া৷ পুখুৰীৰ মাছে ইউৰিয়া নাখায়৷ কিন্তু ইউৰিয়া পানীত মিহলি হৈ পৰাৰ ফলত মাছ অত্যধিক ভোকাতুৰ হৈ পৰে৷
ফলত পানীত যি খাদ্যই দিয়া হয় সেয়াই মাছে গোগ্ৰাসে ভক্ষণ কৰে৷ ৰূপচন্দাৰ দৰে প্ৰজাতিয়ে গৰু-ছাগলীৰ নাড়ী-ভুৰুপৰ্যন্ত গিলি পেলায়৷
ফলত মৎস্যপালকে দামী ফিছফুড কিনিবলগীয়া নহয়৷ বজাৰৰ পৰা পেকেজড মাছৰ দানা কিনাতকৈ ইউৰিয়া ছটিয়াই সকলো খাদ্যই খুৱাই পুখুৰীৰ মাছক৷
গতিকে কথাটো এতিয়া উজনিলৈ নগাঁৱৰ মাছ প্ৰেৰণ কৰা-নকৰাৰ নহয়৷ যদি অপকাৰী পদ্ধতিৰে প্ৰতিপালিত মাছে জনস্বাস্থ্যৰ হানি কৰিছে তেন্তে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷