মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হেৰাই গ’ল
ৰাজভৱনৰ পৰা অন্তৰ্ধান হ’ল অসমীয়া জাতিৰ প্ৰাণপুৰুষ
কঁকালত হাত থৈ তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰিলে উৎপল বৰুৱাই৷ তেতিয়া ৰাজভৱনৰ দেৱালত দেখা গ’ল দেশৰ কেবাজনো প্ৰসিদ্ধ ব্যক্তিৰ ফটো৷ বি আৰ আম্বেদকাৰৰ পৰা বল্লভভাই পেটেলপৰ্যন্ত কেবাজনো ৰাষ্ট্ৰনিৰ্মাতাৰ ফটো ৰাজভৱনৰ দৰবাৰ হলৰ দেৱালত ওলমাই থোৱা আছে৷ সকলোৰে চকুত পৰাকৈ ওলমাই ৰখা আছে ভাৰত মাতাৰ প্ৰতিচ্ছবি৷
কিন্তু তাৰ মাজত নাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি৷ অসমীয়া জাতীয় জীৱনৰ প্ৰাণপুৰুষ শংকৰদেৱৰ প্ৰতিচ্ছবি আগেয়ে দৰবাৰ হলত আছিল৷ প্ৰতিগৰাকী ৰাজ্যপালৰ কাৰ্যকালত অনুষ্ঠিত বিভিন্ন অনুষ্ঠানতে সকলোৱে দেখিছিল মহাপুৰুষজনৰ সুদৰ্শন মুখ৷
কিন্তু উৎপল বৰুৱাৰ শপতপৰ্বত অসমীয়া জাতিৰ পিতৃ মহাপুৰুষৰ ফটোখন দেখা নগ’ল৷ পূৰ্বে দৰবাৰ হলত শ্ৰীমন্ত শংকৰদেৱৰে ফটোখন সবাতোকৈ ডাঙৰকৈ ওলমাই ৰখা হৈছিল৷ অসমলৈ ৰাষ্ট্ৰীয় অতিথিৰ আগমনৰ সময়তো দেখা গৈছিল সেইখন ফটো৷
পিছে অসম লোকসেৱা আয়োগৰ নতুন সদস্যৰো শপত গ্ৰহণৰ সময়ত দেখা নগ’ল মহাপুৰুষজনৰ ফটো৷ যি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে তেওঁকে ৰাজভৱনৰ দেৱালৰ পৰা আঁতৰাই পঠিওৱা হ’ল৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে তথ্য আয়ুক্ত উৎপল বৰুৱাই শপত লোৱাৰ সময়ত প্ৰদৰ্শন কৰা অহংকাৰী প’জ৷ কিন্তু শ্ৰীমন্ত শংকৰদেৱৰ ফটো অন্তৰ্ধান হোৱাটো আমাৰ চকুত পৰিছে৷
যদি ৰাজভৱন কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে সেই কামটো কৰিছে, তেন্তে সেয়া হৈছে অসমীয়া জাতিৰ প্ৰতিয়েই ইতিকিংসূচক৷ জাতীয় জীৱনৰ মহীৰূহৰ প্ৰতি অপমান বুলিয়েই সেই কামটো গণ্য কৰিব পাৰি৷ দৰবাৰ হলত শ্ৰীমন্ত শংকৰদেৱৰ উপস্থিতি সকলোৰে কাম্য৷ আমি আশা কৰোঁ, ভুলবশত:হে অন্তৰ্ধান হৈছে মহাপুৰুষজনা৷
ৰাজভৱনৰ পৰা নোহোৱা হ’ল মহাপুৰুষৰ প্ৰতিচ্ছবি
