প্ৰতিনিশাই আপুনি পথৰ দাঁতিত এনেদৰেই মহিলাসকলক ৰৈ থকা দেখিব৷ তেওঁলোকৰ মাজত নাই ধৰ্মৰ ভেদাভেদ৷ সকলোৱে পথৰ কাষত ৰৈ বিচাৰি থাকে গ্ৰাহক৷ প্ৰতিঘণ্টাত তেওঁলোকৰ দাম সৰ্বাধিক ৩০০ টকা৷ বিচৰা দাম পালে ওচৰৰ জুপুৰীলৈ তেওঁলোকে গ্ৰাহকক লৈ যায়৷
মহিলাসকল ৰৈ থকা স্থানৰ বিষয়ে আমি প্ৰকাশ নকৰোঁ৷ আমাৰ সৈতে হোৱা কথোপকথনত মহিলাসকলে প্ৰকাশ কৰা মতে তেওঁলোকৰ বেছিভাগৰে ঘৰ বৰপেটাত৷ কিন্তু গৃহজিলাৰ পৰা দূৰত থাকি তেওঁলোকে শৰীৰৰ বেপাৰ কৰে৷ প্ৰতিনিশা কামলীলা কৰি সৰ্বাধিক ১০০০ টকা উপাৰ্জন কৰে এইসকল মহিলাই৷
আমি প্ৰদৰ্শন কৰা দলটোত ৰৈ থকা মহিলাসকলৰ বেছিভাগেই মুছলমান৷ তেওঁলোকে দিনত কাম নকৰে৷ কিন্তু ৰাতি বেশ্যাবৃত্তিৰ জৰিয়তে ধন উপাৰ্জন কৰে৷ মহিলাসকলৰ গ্ৰাহক হৈছে ফ্লাই অভাৰ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা বিহাৰী শ্ৰমিক৷ আন ৰাজ্যৰ পৰা আহি অসমত কাম কৰি থকা শ্ৰমিকসকলে নিশা শৰীৰৰ ক্ষুধা পূৰণ কৰিবলৈ মহিলাসকলৰ সৈতে সহবাসত লিপ্ত হয়৷
কেবাজনো ট্ৰাক ড্ৰাইভাৰো তেওঁলোকৰ নিয়মীয়া গ্ৰাহক বুলি ৰেছমী নামৰ মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে৷ তেওঁ ব্যক্ত কৰা মতে পাঞ্জাবী ট্ৰাক ড্ৰাইভাৰে ফোনৰ জৰিয়তে পছন্দৰ বেশ্যা বিচাৰি যোগাযোগ কৰে৷ তেওঁলোকৰ দলটোৰ মুৰব্বীয়ে সেইমতে ট্ৰাকলৈ প্ৰেৰণ কৰি ড্ৰাইভাৰে বিচৰা ধৰণৰ পতিতা৷
এইসকল মহিলাই স্বাস্থ্য ভালে ৰাখিবলৈ পশুৰ দৰৱ ব্যৱহাৰ কৰে৷ গৰুৰ স্বাস্থ্য ভাল কৰিবলৈ দিয়া এবিধ টেবলেট তেওঁলোকে সঘনাই খায়৷ ফলত মহিলাসকল কিডনীজনিত ৰোগত আক্ৰান্ত হয়৷ তথাপি তেওঁলোকে চলাই আছে দেহ ব্যৱসায়৷ উত্তেজনা বৃদ্ধি কৰা টেবলেট খায় তেওঁলোকে গ্ৰাহকক সন্তুষ্ট কৰে৷ একেদিনাই ছজনপৰ্যন্ত গ্ৰাহকৰ সৈতে মিলনৰ বাবে টেবলেট খায় বেশ্যাই৷
শ্ৰমিক আৰু ড্ৰাইভাৰৰ বাবে ৰৈ থাকে পতিতা
