কোনে কয়- বনৰ প্ৰাণীৰ জ্ঞান নাই বুলি! এই বান্দৰটোলৈ চাওক, আপোনাৰ মনোভাৱ সলনি হৈ যাব৷
মানুহজনে বান্দৰটোক সদায় খাবলৈ দিছিল৷ বান্দৰটোৰ চিনাকি হৈ গৈছিল মানুহজন৷ ভোক লাগিলেই তেওঁৰ ঘৰত উপস্থিত হৈছিল হনুমানৰ বংশধৰ৷ কলৰ পৰা ভাতলৈ সকলো খাদ্যই মানুহজনে বান্দৰটোক খুৱাইছিল৷ হঠাতে সেই মানুহজনৰ মৃত্যু ঘটিল৷
বান্দৰটোৱে পিতৃ বুলিয়েই মানি লোৱা গৰাকীৰ মৃত্যু সংবাদ পোৱা নাছিল৷ পিছে শ্মশানলৈ নিয়াৰ বাবে চাঙীত তুলি থোৱা মানুহজনৰ নশ্বৰ দেহ যেতিয়াই দেখিলে, তেতিয়াই অস্বাভাৱিক হৈ পৰিল বান্দৰটোৰ মতি-গতি৷ হঠাতে বান্দৰটো উন্মাদৰ দৰে হৈ পৰিল৷ গৰাকীৰ মৃত্যু যে মানি ল’বলৈ টান পাইছে সেয়া তাৰ আচৰণত স্পষ্ট হৈ পৰিল৷ বগা কাপোৰখন আঁতৰাই মানুহজনৰ মুখখন চালে বান্দৰটোৱে৷
সদায়ে খাদ্য দিয়া মানুহজনৰ মুখতে বান্দৰটোৱে নিজৰ মুখখন লগাই দিলে৷ যেন শেষ বিদায়হে জনালে গৰাকীক৷ ইমানদিনীয়া চিনাকিৰ অৱসান ঘটাৰ বাবে দুখী বান্দৰে শেষ বিদায় জনালে৷ চাঙীত শুৱাই থোৱা মানুহজনক শেষবাৰৰ বাবে মৰম কৰি দিলে হনুমন্তৰ বংশধৰে৷
বান্দৰটোৱে গৰাকীক আলিংগন কৰিলে৷ শৱযাত্ৰীৰ পিছে পিছে শ্মশানলৈয়ো গ’ল বান্দৰটো৷ মানুহজনৰ মুখাগ্নি কৰিবলৈ পুত্ৰ সাজু হ’ল৷ তেতিয়াহে বান্দৰটো গৰাকীৰ শৱৰ কাষৰ পৰা আঁতৰি গ’ল৷ বাংগালুৰুৰ ঘটনাটোৱে জোকাৰি গৈছে প্ৰত্যক্ষদৰ্শীৰ অন্তৰাত্মা৷
সদায় খাবলৈ দিয়া গৰাকীৰ প্ৰতি বান্দৰটোৱে দেখুৱাই দিলে আনুগত্য৷ সেইদিনা বহুতে বান্দৰটোক কল যাচিলে৷ কিন্তু সি একোৱেই মুখত নিদিলে৷ মানুহৰ দৰে নিৰ্বাক হৈ ৰৈ থাকিল বান্দৰটো৷
ব্ৰত পালন কৰিলে অনুগত বান্দৰে
