পথত মহিলা চালকৰ সন্ত্ৰাস

মৃত্যুমুখী ৰোগীক লৈ যোৱা এম্বুলেন্সৰ চালক হৰ্ন বজাই বজাই ভাগৰি গৈছে, এইগৰাকী মহিলাই তথাপি তেওঁক বাট এৰি নিদিলে৷ এম্বুলেন্সৰ ছাইৰেন শুনিও মহিলাগৰাকীয়ে পথ ভেটি ধৰিলে৷ তেওঁৰ বাবে এজন ৰোগীৰ মৃত্যু ঘটিল৷ এম্বুলেন্সখনে ১৫ কিলোমিটাৰ চেষ্টা কৰাৰ পিছতো স্কুটী আৰোহী মহিলাগৰাকীয়ে অভাৰটেক কৰিবলৈ সুযোগেই নিদিলে৷
এই দৃশ্যটোৱে কেবাটাও প্ৰশ্নৰ উদ্ৰেক কৰিছে৷ শুনিবলৈ বেয়া হ’লেও এটা কথা সত্য, দৈনিক ৫০ শতাংশ দুৰ্ঘটনা সংঘটিত হয় কেৱল মহিলা চালকৰ বাবে৷ অসমৰ নগৰীয়া এলেকাত মহিলা চালকে গাড়ী চলোৱা দেখিলেই অভিজ্ঞ পুৰুষ সাৱধান হৈ পৰে৷ কিয়নো সোঁফালে ইণ্ডিকেটৰ দি বেছিভাগ মহিলা বাওঁফালে যায়৷ পথৰ মাজে মাজে স্কুটী চলোৱাটো বেছিভাগ মহিলাৰে অভ্যাস৷
এপাচি শাকত এটা জালুকৰ দৰে দুই-এগৰাকী মহিলাই সাৱলীলভাৱে গাড়ী চলাব পাৰে, কিন্তু বেছিভাগ মহিলাৰ বাবে পথত দুৰ্যোগৰ সূত্ৰপাত হয়৷ সন্মানৰ স্বাৰ্থত মহিলা ড্ৰাইভাৰৰ সৈতে তৰ্ক কৰিবলৈয়ো পুৰুষে সংকোচ কৰে৷ তাৰ সুযোগ লয় বহু মহিলা চালকে
মহিলাই স্কুটী চলোৱাৰ সময়ত চহৰীয়া পথত সাৱধান হৈ থাকিব লাগে পুৰুষ ৰাইডাৰ৷ এম্বুলেন্সৰ বাবে পথ এৰি নিদিয়া বেছিভাগ ৰাইডাৰেই হৈছে মহিলা৷ ট্ৰেফিক ছিগনেলতো ভৰিৰে স্কুটী ৰাখিবলৈ চেষ্টা কৰা মহিলা ৰাইডাৰে পুৰুষৰ মটৰ চাইকেলত খুন্দা মাৰে৷
শেহতীয়াকৈ এগৰাকী মহিলাই নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীৰে গাড়ীত খুন্দা মাৰিছিল৷ কিন্তু পিছত আকৌ তেওঁহে উদ্ভণ্ডালি কৰিলে৷ আইনী জঞ্জালৰ সন্মুখীন হয় বুলি গুৱাহাটীতে পলাবলগীয়া হ’ল মটৰ চাইকেল আৰোহী পুৰুষ৷ এইধৰণৰ ঘটনা প্ৰতিদিনে অসমৰ পথত সংঘটিত হয়৷
থৰক-বৰককৈ গাড়ী চলাই বহু মহিলাই হঠাতে খুলি দিয়ে দুৱাৰ৷ ফলত পিছফালৰ পৰা গৈ থকা গাড়ীয়ে দুৱাৰত খুন্দা মৰাৰ দৰে ঘটনাও সদায়েই সংঘটিত হয়৷ শুনিবলৈ বেয়া, তথাপি পথত সন্ত্ৰাসৰ সৃষ্টি কৰে এচাম মহিলা চালকে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial