ফলশয্যাৰ নিশা ৰঘুবংশী পৰিয়ালত হুলস্থুল লাগিছিল৷ স্বামীয়ে শৰীৰ স্পৰ্শ কৰাৰ বাবে সোণম ৰঘুবংশীয়ে চিঞৰি দিছিল৷ সেই ঘটনাটোৰ বাবে লজ্জিত হৈছিল পৰিয়ালটো৷ নতুন কইনা সোণমে স্বামীৰ সৈতে একেটা ৰূমত থাকিবলৈ অস্বীকাৰ কৰিছিল৷ স্বামীয়ে চুই দিলেই গা ধুই পেলাইছিল সোণমে৷
ইন্দোৰৰ স্বামীহন্তা সোণম ৰঘুবংশীয়ে কামাখ্যাত পূজা কৰাৰ পিছতহে স্বামীৰে সহবাস কৰাৰ কথা আছিল৷ সেয়ে ফুলশয্যাৰ নিশাও স্বামী ৰাজাক শৰীৰ স্পৰ্শ কৰিবলৈ দিয়া নাছিল সোণমে৷ তেওঁ গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ৰাজাক মনৰ ইচ্ছাৰ কথা কৈছিল৷ কামাখ্যাত উপাসনা কৰাৰ পিছতহে শাৰিৰীক মিলন কৰিব বুলি স্বামীক লোভ দেখুৱাইছিল সোণমে৷ আচলতে ছিলঙত মধুচন্দ্ৰিকাৰ বাবে ৰাজা ৰঘুবংশীৰ ইচ্ছাও নাছিল৷ কিন্তু সোণমে মেঘালয়ৰ হোটেলত প্ৰথম অভিসাৰ কৰিব বুলি স্বামীক প্ৰলোভিত কৰিছিল৷ গতিকে পত্নীৰ কথামতে আহিছিল ৰাজা৷
আৰক্ষীৰ জেৰাত এই সকলো কথা কৈ দিছে সোণমে৷ শাৰিৰীক মিলনৰ লোভ দেখুৱাই স্বামীক লগত লৈ ফুৰা বুলি সোণমে স্বীকাৰ কৰিছে৷ নিজৰ পৰিয়ালৰ ছানমাইকা প্ৰতিষ্ঠানত কৰ্মৰত ৰাজা কুশৱাহাৰ সৈতে পলাই যাবলৈ আগতেই শপত খাইছিল সোণমে৷ সেয়ে তেওঁ ৰাজাৰ সৈতে অভিসাৰ কৰা নাছিল৷
আনহাতে সোণমে দেউতাককো বিচাৰিছিল পইচা৷ কিন্তু জীয়েকে যে অঘটন ঘটাব সেইটো পিতৃয়ে গম পাইছিল৷ সেয়ে সোণমক দেউতাকে পইচা দিয়া নাছিল৷ তেওঁ ছুপাৰী কিলাৰক দিয়া পইচা আছিল বিয়াৰ উপহাৰ৷ অতিথিয়ে বিয়াত দিয়া পইচা সোণমে সাঁচি ৰাখিছিল৷ সেইবোৰেই প্ৰথমটো কিস্তি হিচাপে ছুপাৰী কিলাৰক দিছিল৷
অৱশ্যে চুক্তি মতে সম্পূৰ্ণ ২০ লাখ টকা সোণমে নিদিলে৷ হাতত পইচা নথকা বাবে তেওঁ দেউতাকক বিচাৰি বিমুখ হ’ল৷
স্বামীয়ে স্পৰ্শ কৰিছিল ধুইছিল গা
