জুইৰ মাজতে শৱৰ পৰা ওলাই গ’ল আত্মা৷ বহুতে বিশ্বাস নকৰিব পাৰে, কিন্তু আমি চকুৰে দেখা পালো আত্মাৰ অস্তিত্ব৷ দাওদাওকৈ জ্বলি থকা জুইৰ মাজৰ পৰা ওলাই অদৃশ্য হৈ পৰা এটা কায়া বহুতে স্বচক্ষে প্ৰত্যক্ষ কৰিলে৷ আত্মা অমৰ বুলি শাস্ত্ৰই কৰা বৰ্ণনা মানি ল’লে প্ৰত্যক্ষদৰ্শীয়ে৷
আহমেদাবাদৰ দুৰ্ঘটনাস্থলীত এই অলৌকিক দৃশ্য দেখা গ’ল৷ বিমান দুৰ্ঘটনাত নিহতসকলৰ DNA পৰীক্ষা কৰি প্ৰশাসনে শৱ চমজাই দিছিল৷ আধাপোৰা শৱদেহ কেবাটাও পৰিয়ালে নিকটৱৰ্তী শ্মশানতে সম্পন্ন কৰিছিল৷ তেতিয়াই আহমেদাবাদৰ শ্মশানত দেখা গ’ল বিশেষ দৃশ্য৷ বিমান দুৰ্ঘটনাত নিহত লোকৰ শেষকৃত্য কৰি থকা সময়ত চিতাৰ পৰা উঠি গ’ল এটা অশৰীৰী ছায়া৷
ধোৱাৰ সৈতে এই অস্তিত্ব মিলি গ’ল৷ একোৰে সৈতে মিল নথকা আকাৰৰ অস্তিত্ব কি আছিল কোনেও ধৰিবই নোৱাৰিলে৷ শৱ দাহন কৰি থকা সময়ত চিতাগ্নিৰ পৰা এই অস্তিত্ব আকাশত বিলীন হৈ গ’ল৷
বিশেষ ছায়াটোৱেই আত্মা বুলি উপস্থিত লোকে দাবী কৰিছে৷ আত্মাৰ উপস্থিতি নাকচ কৰা যুক্তিবাদীয়েও ভিডিঅ’টোৰ বিজ্ঞানসন্মত বৰ্ণনা দিব পৰা নাই৷ দাওদাওকৈ জ্বলি থকা জুইৰ পৰা উঠি যোৱা অস্তিত্বটো কিহৰ সেয়া কোনেও ক’ব পৰা নাই৷
উপস্থিত লোকৰ মতে সেয়াই হৈছে আত্মা৷ শৱদেহ চিতাত উঠোৱাৰ পিছতে আত্মাই শৰীৰ ত্যাগ কৰে৷ সচৰাচৰ আত্মাৰ শৰীৰৰ পৰা প্ৰস্থান দেখা নাযায়৷ কিন্তু সংকটৰ সময়ত আত্মাই দেখা দিলে৷ বিশেষ দৃশ্যটো কেমেৰাত বন্দী হ’ল৷ প্ৰত্যক্ষদৰ্শীয়ে এতিয়া দাবী কৰিছে আত্মাৰ সত্যতা৷
শেষকৃত্যৰ সময়তে উৰি গ’ল আত্মা
