কৈৱৰ্ত চিকিৎসকৰ চেম্বাৰলৈ নাযায় ৰোগী

SC কোটাত পোৱা ডাক্তৰহে!
কোটাত ছিট পোৱা ডাক্তৰে বেমাৰ ভাল কৰিব নোৱাৰে!
অপ্ৰিয় হ’লেও এইদৰেই ভাবে বেছিভাগ ৰোগীয়ে৷ ST, SC, OBC আদি কোটাত মেডিকেলত ছিট পোৱা চিকিৎসক ভাল ডাক্তৰ নহয় বুলিয়েই বেছিভাগ লোকে বিবেচনা কৰে৷ সেয়ে আহোম, কৈৱৰ্ত অথবা জনজাতীয় চিকিৎসকৰ চেম্বাৰত নাথাকে ভিৰ৷ কিন্তু ব্ৰাহ্মণ অথবা কলিতা সম্প্ৰদায়ৰ চিকিৎসকৰ ওচৰত সদায় ভিৰ কৰে ৰোগীয়ে৷
জনমানসৰ এই ধাৰণাৰ বিষয়ে আমি কেবাখনো জিলাত জৰীপ কৰিছিলোঁ৷ নগাঁও, শোণিতপুৰ, বিশ্বনাথ যোৰহাট আৰু কামৰূপত আমি জাতিৰ ভিত্তিত চিকিৎসকৰ বিভাজন কৰে নেকি প্ৰশ্ন সুধিছিলোঁ৷ উত্তৰত বেছিভাগ ৰোগীয়ে ব্যক্ত কৰা কোটাৰ সুবিধাত মেডিকেলত ছিট পোৱা চিকিৎসকক বিশ্বাস নকৰে বুলি প্ৰকাশ কৰিলে৷
তেওঁলোকে সেয়ে জনজাতীয় অথবা কৈৱৰ্ত চিকিৎসকৰ চিকিৎসা গ্ৰহণ নকৰে৷ কোটাৰ সুবিধা লৈ মধ্যমীয়া মেধাৰ ছাত্ৰয়ো মেডিকেলত ছিট পোৱা বুলি ভাবে ৰোগীয়ে৷ সেইবাবে ব্ৰাহ্মণ অথবা কলিতা ডাক্তৰৰ চেম্বাৰলৈহে যায় সাধাৰণ ৰোগী৷
স্থানীয় চিকিৎসালয়ত জনজাতীয় অথবা আহোম চিকিৎসক নিযুক্তি দিলে চৰকাৰে পাল মাৰি থোৱা বুলি ভাবে ৰাইজে৷ গুৱাহাটীৰ এজন বিখ্যাত মিচিং চিকিৎসকৰ ওচৰলৈয়ো নাযায় ৰোগী৷ কাৰণ তেওঁ কোটাত মেডিকেলত ছিট পোৱা বুলিহে গণ্য কৰে ৰোগীয়ে৷
অপ্ৰিয় সত্য কথাটো হৈছে, অসমৰ বেছিভাগ ৰোগীৰ বাবে মূল কথাটো হৈছে চিকিৎসকৰ উপাধি৷ যদি ডাক্তৰজন সংৰক্ষিত শ্ৰেণীৰ বুলি ৰোগীয়ে গম পায়, তেন্তে আৰম্ভণিতে তেওঁৰ প্ৰতি বিশ্বাস নোহোৱা হয়৷ সেয়ে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ চিকিৎসকৰ চেম্বাৰত প্ৰায়ে নাথাকে ৰোগী৷ অধিক ধন ভৰি ৰোগী ব্ৰাহ্মণ চিকিৎসকৰ ওচৰলৈয়েই যায়৷
আমি এই সন্দৰ্ভত উজনি অসমৰো ঠাইবিশেষে সমীক্ষা চলাইছিলোঁ৷ তেতিয়াও বেছিভাগ ৰোগীয়েই ST, SC, OBC অথবা MOBC চিকিৎসকৰ প্ৰতি ভৰসা নাই বুলি প্ৰকাশ কৰিছে৷ তেওঁলোকে ডাক্তৰৰ উপাধি চায়েই চিকিৎসা নকৰোৱাৰ সিদ্ধান্ত লৈছে৷ সেয়ে এই প্ৰসংগত বিশ্বাসৰ সৃষ্টি কৰাটো স্বাস্থ্য বিভাগৰ দায়িত্ব হৈ পৰিছে৷ অন্যথা বিপদ অনিবাৰ্য৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial