মনত ৰাখিব বৰদলৈ-মাতিছে কাৰণেহে গৈছে

ইমান অহংকাৰ কিয় প্ৰদ্যুৎ বৰদলৈৰ?
গহীন-গম্ভীৰ হৈ থকাৰ ভাও জোৰা প্ৰদ্যুতে সাংবাদিকক অপমান কৰিছে৷ প্ৰশ্ন সুধিবলৈয়েই সংবাদমেল পাতিছে, কিন্তু সাংবাদিকক চামচা বুলিয়েই অভিহিত কৰিছে প্ৰদ্যুতে৷ মাৰ্ঘেৰিটাৰ পৰা খেদা খাই ৰাজনৈতিকভাৱে অঘৰী হৈ পৰা প্ৰদ্যুত দুবাৰ নগাৱত জিকিছে৷ সেয়ে অহংকাৰ বাঢ়িছে প্ৰদ্যুতৰ৷
টিৰাপ স্বায়ত্তশাসিত পৰিষদৰ বিৰোধিতা কৰা প্ৰদ্যুতে শেহতীয়াকৈ এখন সংবাদমেলত সাংবাদিকক চুহে কিলাবলৈ বাকী থাকিল৷ সকলোৰে সন্মুখত তেওঁ ইমানেই বেয়া ব্যৱহাৰ কৰিলে যে এজন নেতাই তেনে উদ্ভণ্ডালি কৰিব বুলি ভাবিবই নোৱাৰি৷ অসমৰ কোনো নেতাই নকৰা অতপালি প্ৰদ্যুতে কৰিলে৷
আচলতে সংবাদমেলত এগৰাকী সাংবাদিক প্ৰদ্যুতক প্ৰশ্ন কৰিছিল৷ অখিল গগৈ আৰু মিত্ৰজোঁটৰ বিষয়ে সুধিছিল৷ সেই কথাটোতে প্ৰদ্যুতৰ খং উঠি গ’ল৷ পাকে-প্ৰকাৰে সাংবাদিকক বিজেপিৰ এজেণ্ট বুলি প্ৰদ্যুতে গালি পাৰিলে৷ অখিল গগৈক কংগ্ৰেছে কেয়াৰ নকৰে বুলি ঘোষণা কৰিলে প্ৰদ্যুতে৷
সেইজন নেতাই আকৌ গাম্ভীৰ্যৰ ভাও জোৰে৷ সোণাপুৰৰ ৰিজ’ৰ্টত হোৱা মিটিঙৰ পৰা আধাতে উঠি যোৱা প্ৰদ্যুতে এইবাৰ সীমা অতিক্ৰম কৰিলে৷ মাৰ্ঘেৰিটাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হোৱা নেতাজনে পাহৰি গ’ল পদমৰ্যাদা৷ সাধাৰণ মানুহৰ দৰে সংবাদমেলত পোহাৰি চুপতি কৰিলে প্ৰদ্যুতে৷
গহীন-গম্ভীৰ নেতাৰ দৰে অভিনয় কৰা প্ৰদ্যুত বৰদলৈয়ে জনা উচিত- কোনো সাংবাদিক অনিমন্ত্ৰিতভাৱে তেওঁৰ সংবাদমেললৈ যোৱা নাছিল৷ বাতৰি প্ৰতিষ্ঠানটোক নিমন্ত্ৰণ জনোৱা বাবেহে সাংবাদিক গৈছিল৷ যদি কংগ্ৰেছৰ আপত্তি আছে, তেন্তে নিৰ্দিষ্ট সংবাদ প্ৰতিষ্ঠানটোক বৰ্জন কৰা উচিত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial