অসমৰ ৰাইজৰ পাকঘৰত এইবাৰ সোমাইছে বিদেশী মাছ অন্ধ্ৰৰ গেলা মাছৰ পৰিৱৰ্তে অসমলৈ আহিছে তাহানিৰ মানসেনাৰ দেশৰ মৎস্য বদনে বৰফুকনে মানসেনা মাতি অনাৰ দৰে বাৰ্মাৰ মাছৰ অসমত পোহাৰ মেলিছে বেপাৰীয়ে অসমৰ থলুৱা মাছৰ তুলনাত সামান্য সোণালী চিকমিকনি থকা বাৰ্মিজ মাছ প্ৰতিখন জিলাতে হৈ পৰিছে সূলভ এদিনতে দীৰ্ঘদূৰত্ব অতিক্ৰমী অসমৰ বজাৰ পোৱা বাৰ্মিজ মৎস্যয়েই পূৰণ কৰিছে গ্ৰাহকৰ চাহিদা অসমৰ বজাৰত বিগত কিছুদিনৰ পৰা অভাৱ ঘটিছে অন্ধ্ৰপ্ৰদেশৰ গেলা ৰৌ মাছৰ৷ শ্ৰীৰামপুৰ গে’টেৰে অসমত সোমোৱা অন্ধ্ৰৰ মাছৰ ট্ৰাকৰ সংখ্যাও কমি আহিছেকিন্তু অসমলৈ আহিবলৈ ধৰিছে বিদেশী মাছ আপুনি বজাৰত পোৱা বেছিভাগ চালানী মাছেই এতিয়া ভাৰতত উৎপাদিত নহয় বেপাৰীয়ে অন্ধ্ৰৰ বুলি ক’লেও চালানী মাছ হৈছে ম্যানমাৰৰ চুবুৰীয়া দেশখনৰ পৰা মাছৰ কাৰ্টুন প্ৰতিদিনে সৰু বাহনৰ জৰিয়তে সীমান্ত পাৰ কৰোৱা হয়মণিপুৰৰ পৰা মাছৰ কাৰ্টুন সৰবৰাহ কৰা হয় ডিমাপুৰলৈ তাৰ পৰাই গুৱাহাটীলৈ বাছত আহে বাৰ্মিজ মাছসদায় শতাধিক কাৰ্টুন বাছৰ তলত সুমুমাই গুৱাহাটীলৈ সৰবৰাহ কৰা হয় লোকেল মাছৰ তুলনাত সামান্য সোণালী আভাযুক্ত বাৰ্মিজ মাছৰ পেটুৰ পৰিমাণো কম বজাৰত কিনাৰ সময়ত কম পেটুযুক্ত মাছ দেখিলেই এতিয়া আপুনি মাছটো বাৰ্মাৰ বুলি নিশ্চিত হ’ভ পাৰেএই সৰবৰাহৰ জৰিয়তে গুৱাহাটীত অৱশ্যেই নিয়ন্ত্ৰিত হৈ আছে মাছৰ চাহিদাঅৱশ্যে তাৰ বাবে অৱলম্বন কৰিবলগীয়া হৈছে অবৈধ পন্থাকিয়নো সীমান্ত অতিক্ৰমৰ সময়ত শুল্ক বিভাগৰ একাধিক আনুষ্ঠানিকতা আছে কিন্তু মাছৰ সৰবৰাহত ধনৰ বিনিময়ত সেই আনুষ্ঠানিকতা পৰিহাৰ কৰিছে বিভাগেআনহাতে ট্ৰাকেৰে মাছ সৰবৰাহ কৰিলে চালান কটাৰ পৰা নানা সমস্যাৰ সৃষ্টি হয়সেয়ে বাছযোগে পঠিওৱা হৈছে মাছঅ’ ৰ’ব, বাৰ্মিজ মাছৰ আছে আন এখ বৈশিষ্টওএই মাছবিধ লোকেল ৰৌ-বৰালীৰ তুলনাত অত্যন্ত মিঠাগতিকে ভোজনবিলাসীয়েও পছন্দ কৰিছে বাৰ্মিজ মৎস্য