হুকহুককৈ কান্দি দিলে ৰেকিবুদ্দিন আহমেদে৷ ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ সন্মুখত বহি ৰেকিবে নাটক কৰিলে৷ গৌৰৱে পৰ্যৱেক্ষকৰ দায়িত্ব দিয়াতহে ৰেকিবুদ্দিন সন্তুষ্ট হ’ল৷
আচলতে APCCৰ সভাপতি হোৱাৰ পিছতে গৌৰৱ গগৈয়ে কেবাখনো জিলাৰ বাবে গৌৰৱে নতুন পৰ্যৱেক্ষক নিয়োগ কৰিছিল৷ সেইবোৰ তালিকাৰ এখনতো নাছিল ৰেকিবুদ্দিন৷ গৌৰৱে এজন বিশেষ মানুহৰ সৈতে প্ৰস্তুত কৰিছিল পৰ্যৱেক্ষকৰ তালিকা৷
বিশেষ মানুহজন হৈছে বিপুল গগৈ৷ ১৫ বছৰীয়া মুখ্যমন্ত্ৰিত্বৰ সময়ত তৰুণ গগৈৰ OSD হিচাপে কাৰ্যনিৰ্বাহ কৰা বিপল গগৈ বৰ্তমান গৌৰৱৰো সবাতোকৈ ঘনিষ্ঠ নেতা৷ পিতৃৰ সৈতে থকা সম্পৰ্কৰ সুবাদত বিপুল গগৈক পৰিয়ালৰে সদস্য হিচাপে গৌৰৱে সন্মান কৰে৷
কিন্তু বিপুল গগৈয়েও প্ৰথমাৱস্থাত ৰেকিবুদ্দিনক এখনো তালিকাতে স্থান নিদিলে৷ সেয়ে ৰেকিবুদ্দিন আহমেদে ৰাজীৱ ভৱনতে বাগৰি বাগৰি কান্দিলে৷ গৌৰৱ গগৈৰ উপস্থিতিত ৰেকিবুদ্দিনৰ দুচকুৰে বৈ আহিল গংগা-যমুনা৷
শেষ সেয়ে বাধ্য হ’ল গৌৰৱ৷ দেউতাকৰ শপত দি ৰেকিবুদ্দিনে ইমান বুজালে যে গৌৰৱে তেওঁক পৰ্যৱেক্ষকৰ দায়িত্ব দিবলৈ বাধ্য হৈ পৰিল৷
ৰেকিবুদ্দিনে ক’লে- তোমাৰ দেউতাৰায়ো মোক বিশ্বাস কৰিছিল৷ ময়ো দেউতাৰাৰ দৰেই তোমাৰ সৈতে কাম কৰিম৷ কিন্তু আৰম্ভণিতে যদি মোক একো নিদিয়া মানুহে কি বুলি ভাবিব কোৱা!
ইমোশ্যনেল অত্যাচাৰত অৱশেষত গৌৰৱৰ মনো কুমলি গ’ল৷ বিপুল গগৈৰ অনুমতি অবিহনে ৰেকিবুদ্দিনক দিলে পৰ্যৱেক্ষকৰ দায়িত্ব৷
দেউতাকৰ কথা কৈ গৌৰৱক ইমোশ্যনেল অত্যাচাৰ
