আয়ৌ দেহী, চুমি বৰা ওলাল

দেখিলে আপুনি ধৰিবই নোৱাৰিব, এইগৰাকী যুৱতীয়েই যে চুৰ কৰাৰ অভিযোগত জে’লত সোমাইছিল৷ ৰাইজে চুৰুণি বুলি গালিও পাৰিছিল৷
বাৰু যিকি নহওক, চুমি গাঁতৰ পৰা ওলাইছে
আয়ৌ দেহি, চুমিজনীয়ে নাচিছে
লাহে লাহে ইনষ্টাগ্ৰামৰ ৰঙীন পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰিছে চুমি বৰাই৷ ইমানদিন জে’লৰ ভাত খালে, তথাপি চুমি ধুনীয়া হৈয়েই থাকিল৷ জে’লৰ পৰা ওলায়েই কইনাৰ ৰূপ ধৰি চুমিয়ে ফটোশ্বুট কৰিছে৷ মূৰত ওৰণি, শিৰত সেন্দূৰ লৈ অসমীয়া বোৱাৰী হৈ ফটো উঠিছে চুমি৷
অৱশ্যে চুমি অলপ ক্ষীণালে৷ চুলি ষ্ট্ৰেইট কৰিলে যদিও চুমি অলপ শেঁতা পৰিল৷ তথাপি ক্লিভেজ প্ৰদৰ্শন কৰি ফটোশ্বুট কৰিবলৈ ধুনীয়া হৈ আছে চুমি৷ ট্ৰেডিং কেলেংকাৰিৰ কথাবোৰ পাহৰি হ’লেও চুমি বৰাই ইনষ্টাগ্ৰামত পোষ্ট কৰিছে এটা বিশেষ ৰীল৷ য’ত চুমিয়ে দেখুৱাইছে ক্লিভেজ৷
অৱশ্যে গাঁতৰ পৰা ওলাবলৈ চুমিয়ে চেষ্টা কৰিয়েই আচিল৷ তেওঁ এসপ্তাহৰ পূৰ্বে আপলোড কৰিছিল প্ৰথমটো ৰীল৷ যোৱা বছৰৰ ১ আগষ্টতে ইনষ্টাগ্ৰামৰ পৰা বিদায় লোৱা চুমিয়ে সাজি কাছি প্ৰথম দিনাই কইনাৰ ৰূপ লৈছিল৷ কিন্তু গালি শুনাৰ ভয়ত ইনষ্টাগ্ৰামৰ কমেণ্ট ছেকশ্যন বন্ধ কৰি থৈছিল চুমিয়ে৷
লাহে লাহে আকৌ আগৰ দৰে প্ৰতিদিনে ৰীল আপলোড কৰিবলৈ ধৰিছে চুমিয়ে৷ নাই, ভয় কৰাৰ দৰে চুমিৰ পোষ্টত নাই বহু ফল’ৱাৰ্ছৰ গালি-শপনি৷ এচাম ফল’ৱাৰ্ছে চুমিক ছেক্সী লেডী বুলি সম্ভাষণহে জনাইছে৷ বহুতে ৱেলকাম বেক বুলি কৈছে চুমিক৷
তাৰ্কিক বৰাৰ সৈতে অৱশ্যে চুমিৰ সংসাৰখনৰ কি হয় তাৰ ঠিক নাই৷ কিয়নো বিবাহিতা চুমিয়ে মুঝছে ছাদী কৰোগে নেকি বুলি ফল’ৱাৰ্ছক প্ৰশ্ন কৰিছে৷ চুমিয়ে বিয়া পাতিবলৈ দৰা বিচৰা বুলিও ভাবিছে অনুৰাগীয়ে৷ ফটোশ্বুটত অৱশ্যে শাখা-সেন্দূৰেৰে উজলি উঠিছে চুমি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial