সোমবাৰৰ পৰা শুকুৰবাৰলৈ বিছনাত শুবলৈ নাপায় বহু অসমীয়া ডেকাইতেওঁলোকে এসপ্তাহ গাড়ীতে কিছুসময় শোৱে৷ গাড়ীৰ কিস্তিৰ ধন পৰিশোধ কৰিবলৈ দিনে-নিশাই কাম কৰে এইসকল যুৱকেঅসমীয়া সোৰোপা জাতি বুলি বহুতে ভাবে, কিন্তু এইসকল অসমীয়া ডেকাই যিমান কষ্ট কৰিছে সেয়া বহু পৰিশ্ৰমী জাতিৰ মানুহে কৰা নাই বিশেষকৈ নলবাৰী, বঙাইগাঁও, বাগছা আদিৰ শতাধিক যুৱকে বৰ্তমান গুৱাহাটীত টেক্সি চলায় কিন্তু তেওঁলোকৰ গুৱাহাটীত নাই ভাৰাঘৰ৷ বেংকৰ ঋণ লৈ কিনা গাড়ীৰ কিস্তি পৰিশোধ কৰিবলৈ তেওঁলোকে অহোৰাত্ৰি শ্ৰম কৰে ভাৰাঘৰত ধন ভৰাৰ সলনি নিশা দুপৰলৈ গাড়ীৰে ভাৰা মাৰি থাকে এইসমূহ অসমীয়া যুৱকে তেওঁলোকে ২০ টকাৰ বিনিময়ত ছয়মাইল অভাৰব্ৰীজৰ তলৰ পে’ এণ্ড ইউজ টয়লেট ব্যৱহাৰ কৰে পুৱা গুৱাহাটী পৌৰ নিগমৰ শৌচাগাৰত প্ৰাতঃকৰ্ম কৰি, গা ধুই দিনটোলৈ তেওঁলোক আজৰি হয় আমাৰ সাংবাদিকে এইদৰে জীৱিকা নিৰ্বাহ কৰা প্ৰায় ৭০ জন যুৱকৰ সৈতে কৰা কথোপকথনত তেওঁলোকে প্ৰকাশ কৰিছে কষ্টকৰ জীৱনৰ কথা৷ অৱশ্যে শুকুৰবাৰলৈ অনলাইন টেক্সিৰে ভাৰা মৰাৰ পিছত তেওঁলোক ঘৰলৈ যায় আকৌ সোমবাৰে পুৱাৰ পৰা আৰম্ভ কৰে কাম গণেশগুৰি অভাৰব্ৰীজৰ তলতে গাড়ী ৰখাই প্ৰায়বোৰ অসমীয়া চালকে ক্ষন্তেক জিৰণি লয়বহুতে আকৌ ৰে’ল ষ্টেশ্যনৰ পাৰ্কিঙত শোৱে তেওঁলোকে অ’লা বা উবেৰৰ জৰিয়তে গাড়ীৰে ভাৰা লাভ কৰেসেইসকলে পৰিয়াল চলাবলৈ গুৱাহাটীত কৰিছে অকথ্য পৰিশ্ৰম