সাৱধান পৰাপক্ষত ঘৰত মহ খেদা ধূপ নজ্বলাব অসহ্যকৰ গোন্ধৰ এই ধূপে আপোনাক তিল তিলকৈ অসুখীয়া কৰি পেলাব কিন্তু ধূপ বা কইল নজ্বলোৱাকৈয়ো আপুনি ঘৰত মহ নোহোৱা কৰিব পাৰেমহৰ কামোৰৰ পৰা বাচিবলৈ আছে কেইটামান ঘৰুৱ উপায় একেবাৰে সহজভাৱে আপুনি এটা কাজিনেমু মাজতে দুটুকুৰা কৰিব তাৰে এটুকুৰা দীঘলকৈ মজিয়াত থৈ তাতে গুজি দিব কেইটামান লংতাৰ কিছুসময়ৰ পিছত মহ কোঠাত নোহোৱা হ’ব অৱশ্যে আপুনি জ্বলাব পাৰে পিঁয়াজৰ চাকিএটা কিছু ডাঙৰ পিঁয়াজৰ মাজৰ অংশ কটাৰীৰে এৰুৱাই পেলাব লাগে মাজতে ফোপোলা হৈ পৰা পিঁয়াজটো মাটিৰ চাকিৰ দৰে মিঠাতেলেৰে প্ৰজ্জ্বলন কৰিব লাগে পিঁয়াজৰ চাকিৰ পৰা ওলোৱা গোন্ধই মহ নাশ কৰে ঘৰত কৰ্পূৰ জ্বলালেও মহ নোহোৱা হোৱাটো খাটাং কৰ্পূৰ জ্বলালে ধোৱাৰো সৃষ্টি নহয় যিসকলৰ শ্বাসতন্ত্ৰৰ সমস্যা আছে তেওঁলোকৰ বাবেও কৰ্পূৰ নিৰাপদ পোহৰৰ সঠিক ব্যৱহাৰেৰে সহজে মহ নিৰ্মূল কৰিব পাৰিযদি ঘৰত হালধীয়া মুড লাইট লগাইছে তেন্তে মহৰ কামোৰ খাবই লাগিব এই হালধীয়া পোহৰ মহৰ বাবে সুবিধাজনকমহৰ প্ৰকোপ কমাবলৈ সাধাৰণ লাইটেই উপযোগীইউকেলিপ্টাছ, নিম, লেভেণ্ডাৰৰ গোন্ধতো মহ নিৰ্মূল হয় ডালচেনিৰ তেলো মহ খেদিবলৈ উপযোগী গতিকে মহ খেদিবলৈ কাপোৰত বা ঘৰৰ কোণত তেল ছটিয়াই থব লাগে