১২ তাৰিখে ১২ নম্বৰ ছিটত বহিছিল বিজয় ৰূপানী

জীৱনৰ সকলো দৰকাৰী কাম ১২ তাৰিখেই কৰিছিল বিজয় ৰূপানীয়ে৷ ১২ সংখ্যাটোৰ ওপৰত তেওঁৰ আছিল অগাধ বিশ্বাস৷ সেয়ে ১২ তাৰিখেই চিকিৎসাৰ বাবে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে লণ্ডনলৈ যাত্ৰা কৰিছিল৷
বিজয় ৰূপানীৰ সকলো ব্যক্তিগত বাহনৰ পঞ্জীয়ন নম্বৰ আছিল ১২০৬৷ তেওঁৰ মোবাইল নম্বৰৰ শেষ অংকটোও ১২০৬৷ বিজয় ৰূপানীয়ে কিনা প্ৰথমখন বাহনৰ নম্বৰ আছিল ১২০৬৷তাৰ পিছত তেওঁৰ সকলো বাহনৰ বাবে সেই নম্বৰপ্লেটেই পছন্দ কৰিছিল।
যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনত তেওঁৰ ছিট নম্বৰ আছিল ১২৷ আৰু এতিয়া, ১২.০৬.২০২৫ অৰ্থাৎ ১২ জুন তাৰিখে তেওঁ শেষনিশ্বাস ত্যাগ কৰিলে৷ নিজে বিশ্বাস কৰা তাৰিখতে ভস্মীভূত হৈ গ’ল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজন৷ সংখ্যাতত্ত্বত বিশ্বাসী বিজয় ৰূপানীক তেওঁৰ পছন্দৰ ১২ নম্বৰ আসনে বচাব নোৱাৰিলে৷
গুজৰাটৰ প্ৰবল প্ৰতাপী নেতা বিজয় ৰূপানী আছিল প্ৰধানমন্ত্ৰীৰো ঘনিষ্ঠ৷ মোদীয়ে গুজৰাট এৰি থৈ যোৱাৰ পিছত প্ৰথম মুখ্যমন্ত্ৰী হৈছিল আনন্দীবেন পেটেল৷ কিন্তু কিছুদিনৰ পিছতে মোদীয়ে বিজয় ৰূপানীক সেই দায়িত্ব চমজাই দিছিল৷ তেতিয়াও ১২ তাৰিখেই ৰূপানীয়ে শপত গ্ৰহণ কৰিছিল৷
প্ৰতিটো গুৰুত্বপূৰ্ণ ফাইলত চহী কৰিবলৈ ১২ তাৰিখলৈ অপেক্ষা কৰিছিল বিজয় ৰূপানীয়ে৷ তথাপি এইবাৰ ১২ তাৰিখৰ শুভংকৰে বিজয় ৰূপানীৰ প্ৰাণৰক্ষা কৰিব নোৱাৰিলে৷ নিজৰ প্ৰিয় ১২ নম্বৰ ছিটতে বহি বিজয় ৰূপানী ভস্ম হৈ গ’ল৷ চিকিৎসাৰ বাবে লণ্ডনলৈ যোৱাৰ পথতে নিঃশেষ হৈ গ’ল বিজয় ৰূপানী৷ নিজৰ প্ৰিয় ১২ তাৰিখতে নুমাই গ’ল তেওঁৰ জীৱন বন্তি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial