ধৰ্মীয় অনুষ্ঠানত ব্ৰা পৰিহিত যুৱতী
মন্দিৰতো খুলি দিয়ে কাপোৰ
আপুনি কেতিয়াবা হজলৈ যোৱা মুছলমান যুৱতীয়ে উলংগ হৈ নৃত্য কৰা দেখিছে! দেখিবই নোৱাৰে৷ অথবা গিৰ্জাত কোনো খ্ৰীষ্টান যুৱতীয়ে ব্ৰা পিন্ধি নৃত্য কৰাও কোনেও দেখা নাই৷ কিন্তু হিন্দুধৰ্মীয় মন্দিৰত ব্ৰা পিন্ধিয়েই নৃত্য কৰিবলৈ ধৰিছে উন্মাদ যুৱতীয়ে৷
ভক্তিৰ নামত হিন্দুধৰ্মীৰ পৱিত্ৰ মন্দিৰত নগ্ন হৈ ৰীল বনায় যুৱতীয়ে৷ এইগৰাকী যুৱতীলৈ মন কৰক৷ তেওঁ বশিষ্ঠ মন্দিৰত ব্ৰা পিন্ধি ৰীল তৈয়াৰ কৰিছে৷ ৰীল বনাবলৈ মন্দিৰত ব্ৰা পিন্ধি উপস্থিত হৈছে যুৱতীগৰাকী৷ জুনু দাস নামৰ স্বয়ম্ভূ চেলিব্ৰিটীয়ে ব্ৰা পৰিধান কৰি বশিষ্ঠ মন্দিৰৰ পৱিত্ৰ ত্ৰিবেণী সংগমত নাচি আছে৷
যি বশিষ্ঠ মন্দিৰৰ পৱিত্ৰ ত্ৰিবেণী সংগমত স্নান কৰাটো অগণন ভক্তই পাপ খণ্ডনৰ পথ হিচাপে বিবেচনা কৰে সেই স্থানতে কৰিছে অদ্ভুত কাণ্ড৷ তেওঁ মন্দিৰলৈ পিন্ধি গৈছিল এসাঁজ ক’লা পোছাক৷ কিন্তু ৰীল বনোৱাৰ উদ্দেশ্যে ত্ৰিবেণী সংগমত জুনুৱে কাপোৰ খুলি পেলালে৷ কেৱল ব্ৰা পৰিধান কৰি তেওঁ নাচি থকা দেখি আচৰিত হ’ল ভক্ত৷
জুনুৱে তথাপি সংকোচবোধ নকৰিলে৷ ব্ৰা পিন্ধিয়েই নৃত্য কৰিহে ক্ষান্ত হ’ল এইগৰাকী যুৱতী৷ অজস্ৰ ভক্তই প্ৰতিদিনে এই পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান দৰ্শন কৰে৷ তেওঁলোকে চাকি জ্বলাই ত্ৰিবেণী সংগমত নামে৷
তিনিখন নদীৰ সংগমস্থলীৰ পানী শিৰত ল’বলৈ ইচ্ছা কৰে ভক্তসকলে৷ কিন্তু জুনু দাসৰ সেইবোৰ কৰিবলৈ ইচ্ছাও নাই সময়ো নাই৷ তেওঁ নদীৰ পাৰলৈ গৈ খুলি দিছে কাপোৰ৷ আন ভক্তক আচৰিত কৰি কেৱল ব্ৰাটো পিন্ধি উদ্দাম নৃত্য কৰিছে জুনুৱে৷
এনে কাণ্ডই হিন্দুধৰ্মীয় পৱিত্ৰ মন্দিৰৰ পৱিত্ৰতা নাশ কৰিছে৷ ধৰ্মীয় গৰিমাকো কলুষিত কৰিছে জুনুৰ দৰে নৰ্তকীয়ে৷ যি বন্ধ কৰিবলৈ আইনৰ দৰকাৰ হৈ পৰিছে৷
হিন্দুধৰ্মৰ গৰিমা নষ্ট কৰিলে ব্ৰা গাৰ্লে
